গোলাঘাটৰ ধোদৰআলি আৱদ্ধ কৰিলে বন্যহস্তীৰ এটা বৃহৎ দলে
গোলাঘাট, ১০ ডিচেম্বৰ (হি.স.)। গোলাঘাটৰ ধোদৰআলি আৱদ্ধ কৰিলে বন্যহস্তীৰ এটা বৃহৎ দলে ৷ গোলাঘাটৰ গৰঙা চাহ বাগিচাত বৰ্তমান প্ৰায় ৬০/৭০ টা বন্যহস্তীৰ দলটোৰ বাবে ধোদৰআলি আৱদ্ধ হৈ পৰিল ৷ যোৱা নিশা ধনশিৰি নদীৰ আৱৰঘাটেদি পাৰ হৈ ভোলাগুৰি আৰু গৰঙা চাহ বাগিছ
গোলাঘাটৰ ধোদৰআলি আৱদ্ধ কৰিলে বন্যহস্তীৰ এটা বৃহৎ দলে


গোলাঘাট, ১০ ডিচেম্বৰ (হি.স.)। গোলাঘাটৰ ধোদৰআলি আৱদ্ধ কৰিলে বন্যহস্তীৰ এটা বৃহৎ দলে ৷ গোলাঘাটৰ গৰঙা চাহ বাগিচাত বৰ্তমান প্ৰায় ৬০/৭০ টা বন্যহস্তীৰ দলটোৰ বাবে ধোদৰআলি আৱদ্ধ হৈ পৰিল ৷

যোৱা নিশা ধনশিৰি নদীৰ আৱৰঘাটেদি পাৰ হৈ ভোলাগুৰি আৰু গৰঙা চাহ বাগিছাত আছিল বন্যহস্তীৰ দলটো ৷ বুধবাৰে পুৱা গৰঙা বাগান হৈ ধোদৰআলিত প্ৰবেশ কৰাত বহু লোক উপস্থিত হয় ৷ বৰ্তমানলৈকে বন্যহস্তীৰ দলটোৱে কোনোধৰণৰ ক্ষতিসাধন কৰা নাই বুলি উল্লেখ স্থানীয় লোকৰ ৷ উল্লেখ্য যে খাদ্যৰ অভাৱৰ বাবে মৰঙি অঞ্চলৰ পৰা ধনশিৰি নদী পাৰ হৈ বন্যহস্তীৰ দলটোৱে এইদৰে অৱস্থান লোৱা দেখা গৈছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande