
কাজিৰঙা, ১০ ডিচেম্বৰ (হি.স.)। আলহী পক্ষীৰে ভৰি পৰিছে কাজিৰঙাৰ নদী-বিল ৷ৰাষ্ট্ৰীয় উদ্যানখনৰ জলাশয় সমূহত দেখিবলৈ পোৱা গৈছে আলহি পক্ষীৰ প্ৰয়োভৰ ৷শীতৰ আগমনৰ লগে কাজিৰঙালৈ আহিছে আলহি পক্ষী ৷
ৰাচিয়া,নেদাৰলেণ্ড,ইউৰোপৰ ওপৰি হিমালয়ৰ পাদদেশৰ পৰা অহা আলহি পক্ষীয়ে মনোমোহা ৰূপ দিছে ৰাষ্ট্ৰীয় উদ্যানখনত ৷নৱেম্বৰ মাহৰ পৰা মাৰ্চমাহ পৰ্যন্ত কাজিৰঙাত থিতাপি লোৱা এই আলহী পক্ষী সমূহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পক্ষী পৰ্যটনৰো সমল ৷এই শীত কালতে কাজিৰঙালৈ অহা নানা ৰঙী পক্ষীৰ বিচৰণৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ আহে দেশী বিদেশী পৰ্যটক ৷ আনহাতে বিগত দুটা বছৰত কাজিৰঙাত দেখিবলৈ পোৱা গৈছিল স্পোন বিল ডাক, পেইন্টেড স্টকৰ দৰে কিছু সংখ্যক ব্যতিক্ৰমী পক্ষীৰ আগমন ৷চলিত বৰ্ষতো এনে নতুন পক্ষীৰ আগমন পৰিলক্ষিত হব বুলি আশাবাদী প্ৰকৃতিপ্ৰেমীসকল ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা