কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সন্মুখতে ওলাল হাতীৰ জাক
কাজিৰঙা, ১০ ডিচেম্বৰ (হি.স.)। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সন্মুখতে ওলাল হাতীৰ জাক ৷ দৃশ্যটো ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ ৷পৰ্যটকে জীপ ছাফাৰী কৰি থকাৰ সময়তে পৰ্যটকৰ বাহনৰ আগেদিয়েই পথ অতিক্ৰম কৰিলে এটা হাতীৰ জাকে ৷ কিন্তু এটা পোৱালি সহ দ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সন্মুখতে ওলাল হাতীৰ জাক


কাজিৰঙা, ১০ ডিচেম্বৰ (হি.স.)। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সন্মুখতে ওলাল হাতীৰ জাক ৷ দৃশ্যটো ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ ৷পৰ্যটকে জীপ ছাফাৰী কৰি থকাৰ সময়তে পৰ্যটকৰ বাহনৰ আগেদিয়েই পথ অতিক্ৰম কৰিলে এটা হাতীৰ জাকে ৷ কিন্তু এটা পোৱালি সহ দুটা হাতীয়ে পথৰ পৰা আঁতৰি নগৈ অৱস্থান কৰিলে পথৰ ওপৰতে ৷

কাষতে ৰৈ গ’ল জাকটোৰ আনবোৰ হাতী ৷ প্ৰথমখন বাহনৰ নিচেই কাষতে অৱস্থান কৰা হাতীৰ জাকটোক আমনি নিদিয়াকৈ চালকে বাহন ৰখাই বহি ৰ’ল নিৰৱে ৷ সামান্তৰালকৈ লগতে থকা আন বাহন সমূহো ৰখাই জাকটো আঁতৰি যোৱালৈ অপেক্ষা কৰিলে সকলোৱে ৷ কিছু সময় অতিক্ৰম কৰাৰ পাছত অভিজ্ঞ চালকে কৌশলেৰে হাতী আঁতৰাই বাহন সমূহ আগুৱাই আনিলে যদিও বাহনৰ আগে আগে দৌৰিবলৈ আৰম্ভ কৰিলে পোৱালিটোৱে ৷ অৱশ্যে কিছু দূৰ গৈ হাবিৰ মাজত সোমাই পৰিল পোৱালিটো ৷পৰ্যটকেও লাভ কৰিলে এক ৰোমাঞ্চকৰ অভিজ্ঞতা ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande