
দৰং, ১০ ডিচেম্বৰ (হি.স.)। গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত মৌ-বাকচ স্থাপনেৰে মৌ-খেতিৰ শুভাৰম্ভণি কৰা হয়। মৌ-পালনৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কৃষক মৰ্চাৰ তৰফৰ পৰা গ্ৰহণ কৰা হয় এই বিশেষ পদক্ষেপ।
লক্ষণীয় যে ইয়াৰ অংশ হিচাবে সংগঠনটোৱে গৰুখুটি বহুমুখী কৃষি প্ৰকল্প কৰ্তৃপক্ষৰ সহযোগত কৃষি প্ৰকল্পটোত মৌ-খেতিৰ শুভাৰম্ভণি কৰে।কৃষক মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যৰ দ্বাৰা অনুষ্ঠিত এক সভাৰ দ্বাৰা এই পদক্ষেপৰ আৰম্ভণি কৰা হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা