
কামৰূপ, ১০ ডিচেম্বৰ (হি.স.)। দক্ষিণ কামৰূপৰ ত্ৰিলোচনৰ এটা পথে যমৰ-যাতনা ভোগাইছে পথচাৰীক৷ পথটোত ৰাইজে নিৰ্মাণ কৰা বাঁহৰ দলঙেৰে যাতায়াত কৰে ৰাইজে৷
অৱশ্যে খৰালিকালত মৰণফান্দসদৃশ্য বাঁহৰ দলঙৰ তলেদি যাতায়াত কৰে বৃহৎসংখ্যক ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে৷ বকো-ছমৰীয়া সমষ্টিৰ সীমান্তৱৰ্তী ত্ৰিলোচনত অৱস্থিত জৰাজীৰ্ণ বাঁহৰ দলংখন৷
বিগত দিনত সমষ্টিটোৰ গুৰুত্বপূৰ্ণ পথত ৰাইজে দুই-তিনি বছৰ মূৰে মূৰে নিৰ্মাণ কৰি আহিছে বাঁহৰ দলং৷ উক্ত দলংখনেৰে ৰাইজে অতি কষ্ট কৰি যাতায়াত কৰিবলগীয়া হয়৷ অৱশ্যে খৰালিত দলংখনৰ তলতে ৰাইজে যাতায়াত অব্যাহত ৰাখিছে৷
ঠাইডোখৰত এখন স্থানীয় দলং নিৰ্মাণৰ বাবে বিধায়িকা নন্দিতা দাসক বাৰম্বাৰ আবেদন-নিবেদন কৰিও কোনো সুফল পোৱা নাই৷ বৃহত্তৰ অঞ্চলটোৰ যাতায়াতৰ সুবিধাৰ্থে ত্ৰিলোচনৰ বাঁহৰ দলঙৰ ঠাইত এখন স্থায়ী দলং নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা