গৌৰীপুৰত গাঞ্জাসহ দুই সৰবৰাহকাৰী আটক
ধুবুৰী, ১০ ডিচেম্বৰ (হি.স.)। গৌৰীপুৰ আৰক্ষীৰ কালি নিশা নিষিদ্ধ গাঞ্জা বিৰোধী অভিযান।গৌৰীপুৰত নিষিদ্ধ গাঞ্জাসহ দুজন সৰবৰাহকাৰী আটক। গৌৰীপুৰ-ধুবুৰী সংযোগী পথ টিয়ামাৰীত এই অভিযান চলায় আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰী দুজনক ক্ৰমে পাগলাহাটৰ ভদ্ৰ ৰায় আৰু ঝোগৰা
গৌৰীপুৰত গাঞ্জাসহ দুই সৰবৰাহকাৰী আটক


ধুবুৰী, ১০ ডিচেম্বৰ (হি.স.)। গৌৰীপুৰ আৰক্ষীৰ কালি নিশা নিষিদ্ধ গাঞ্জা বিৰোধী অভিযান।গৌৰীপুৰত নিষিদ্ধ গাঞ্জাসহ দুজন সৰবৰাহকাৰী আটক।

গৌৰীপুৰ-ধুবুৰী সংযোগী পথ টিয়ামাৰীত এই অভিযান চলায় আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰী দুজনক ক্ৰমে পাগলাহাটৰ ভদ্ৰ ৰায় আৰু ঝোগৰাৰ পাৰৰ দীনেশ চন্দ্ৰ ৰয় বুলি চিনাক্ত কৰা হৈছে। দুই সৰবৰাহকাৰীৰ পৰা ৪কেজি ১৫৫ গ্ৰাম গাঞ্জা জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে দুয়োকে আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande