দোতমাত দাওহাৰু মুংখোলোং ট্ৰফী আৰম্ভ
কোকৰাঝাৰ, ১০ ডিচেম্বৰ (হি.স.)্য। কোকৰাঝাৰ জিলাৰ দোতমা আঞ্চলিক ক্ৰীড়া সংস্থাৰ খেল পথাৰত আজিৰ পৰা আৰম্ভ হৈছে ২৭ সংখ্যক দাওহাৰু মুংখোলোং ট্ৰফী ফুটবল প্ৰতিযোগিতা। আজি বিজনীৰ ফেৰেংগা এফ চি আৰু গোসাইগাও শাল বাগান এফ চি ৰ মাজত উদ্বোধনী খেল অনুষ্ঠিত হয়
দোতমাত দাওহাৰু মুংখোলোং ট্ৰফী আৰম্ভ


কোকৰাঝাৰ, ১০ ডিচেম্বৰ (হি.স.)্য। কোকৰাঝাৰ জিলাৰ দোতমা আঞ্চলিক ক্ৰীড়া সংস্থাৰ খেল পথাৰত আজিৰ পৰা আৰম্ভ হৈছে ২৭ সংখ্যক দাওহাৰু মুংখোলোং ট্ৰফী ফুটবল প্ৰতিযোগিতা।

আজি বিজনীৰ ফেৰেংগা এফ চি আৰু গোসাইগাও শাল বাগান এফ চি ৰ মাজত উদ্বোধনী খেল অনুষ্ঠিত হয়। খেল খনত নিৰ্ধাৰিত গল শুন্য হোৱাত টাই ব্ৰেকাৰত বিজনী ফেৰেংগা এফ চিয়ে গোসাইগাও শাল বাগান এফ চিক৪-৩ গলত পৰাস্ত কৰি পৰবৰ্তী ৰাউণ্ডত প্ৰবেশ কৰে। আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ৰবিৰাম নাৰ্জাৰী,ই এম প্ৰকাশ বসুমতাৰী,এম চি এল এ জুবিৰাজ বসুমতাৰী,দাওহাৰু মুংখোলোং ট্ৰফী কমিটীৰ সম্পাদক এছ জি বসুমতাৰী আদিকে ধৰি বিশিষ্ট ব্যক্তি সকল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande