চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত বিজনীত শ্বহীদ দিৱস উদযাপন
চিৰাং , ১০ ডিচেম্বৰ (হি.স.)। সমগ্ৰ অসমৰ লগতে চিৰাঙৰ বিজনীত চৰকাৰী ভাৱে উদযাপন কৰা হয় শ্বহীদ দিৱস। জিলাখনৰ বিজনী ছোৱালী হাইস্কুল পথাৰত আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতে অসম সংগীত পৰিৱেশন কৰা হয়। তাৰ পিছতে জিলা আয়ুক্ত যতীন বৰাই বন্তি প্ৰজ্বলন আৰু শ্ৰদ
চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত বিজনীত শ্বহীদ দিৱস উদযাপন


চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত বিজনীত শ্বহীদ দিৱস উদযাপন


চিৰাং , ১০ ডিচেম্বৰ (হি.স.)। সমগ্ৰ অসমৰ লগতে চিৰাঙৰ বিজনীত চৰকাৰী ভাৱে উদযাপন কৰা হয় শ্বহীদ দিৱস। জিলাখনৰ বিজনী ছোৱালী হাইস্কুল পথাৰত আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতে অসম সংগীত পৰিৱেশন কৰা হয়।

তাৰ পিছতে জিলা আয়ুক্ত যতীন বৰাই বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলিৰে শ্বহীদ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে লগতে জিলা আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাসহ সাহিত্য সভা, আছুসহ বিভিন্ন দল-সংগঠনৰ নেতৃত্ব, কেবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ তিনি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। তাৰ পিছতে ভাৰতৰত্ন শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱৰ শ্বহীদ প্ৰণামো তোমাকশীৰ্ষক গীতটি সমজোৱাকৈ পৰিৱেশন কৰা হয়। ইয়াৰ পিচতে বিজনীৰ কেবাজনো শ্বহীদ পৰিয়ালৰ লোকক সম্বৰ্ধনা জনোৱা হয় চিৰাং জিলা প্ৰশাসনৰ তৰফৰ পৰা । মুঠতে চিৰাং জিলা প্ৰশাসনৰ লগতে বিভিন্ন পৰ্যায়ৰ চাৰি সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা এই শ্বহীদ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ হয়।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande