দেৰগাঁৱত বাঘৰ আতংক
গোলাঘাট, ১০ ডিচেম্বৰ (হি.স.)। দেৰগাঁৱত বাঘৰ আতংক। মুক্ত বিচৰণ এটা প্ৰকাণ্ড ঢেকীয়াপতিয়া বাঘৰ।আতংকময় পৰিবেশ অঞ্চলজুৰি। দেৰগাঁও কমাৰগাঁৱত বিগত কিছু দিন ধৰি এটা সোণালী বাঘে আতংকময় পৰিবেশৰ সৃষ্টি কৰি আহিছে।নিশা হলেই দৰ্জা খিৰিকী মাৰি ঘৰৰ ভিতৰতে আবদ্ধ হয়
দেৰগাঁৱত বাঘৰ আতংক


গোলাঘাট, ১০ ডিচেম্বৰ (হি.স.)। দেৰগাঁৱত বাঘৰ আতংক। মুক্ত বিচৰণ এটা প্ৰকাণ্ড ঢেকীয়াপতিয়া বাঘৰ।আতংকময় পৰিবেশ অঞ্চলজুৰি। দেৰগাঁও কমাৰগাঁৱত বিগত কিছু দিন ধৰি এটা সোণালী বাঘে আতংকময় পৰিবেশৰ সৃষ্টি কৰি আহিছে।নিশা হলেই দৰ্জা খিৰিকী মাৰি ঘৰৰ ভিতৰতে আবদ্ধ হয় থাকিব লগীয়া পৰিবেশ দেৰগাঁও কমাৰগাঁৱত।

প্ৰত্যেক নিশাই গৰু ছাগলীকে ধৰি অন্যান্য পোহনীয়া জন্তু ভক্ষণ কৰি আহিছে বাঘটোয়ে।দেওবাৰে নিশা ১২ মান বজাত দেৰগাঁও কমাৰগাঁও চাৰি আলিত এটা ঢেকীয়াপতিয়া বাঘ প্ৰত্যক্ষ কৰে গাঁৱৰে দুজনমান যুৱকে আৰু কেমেৰাত বন্দী কৰে বাঘটোৰ ফটো।সোমবাৰে নিশা গাঁওৰক্ষি বাহিনীৰ লোকেও প্ৰত্যক্ষ কৰে ঢেকীয়াপতিয়া বাঘটোক আৰু লগে লগে সতৰ্কবাণী জাৰীকৰে অঞ্চলটোত।অঞ্চলটোৰ বিভিন্ন ঠাইত স্পষ্টকৈ দেখা পোৱা গৈছে বাঘৰ খোজ।দিনে নিশাই ভয়ত সময় পাৰ কৰিব লগীয়া হৈছে গাঁও বাসীয়ে।বন বিভাগৰ নিৰন্তৰ প্ৰচেষ্টাৰ পাছতো বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই আজি পৰ্যন্ত।অঞ্চলটোত এটাতকৈ অধিক বাঘ থকাৰো সন্দেহ গাঁও বাসীৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande