
কাৰ্বি আংলং, ১০ ডিচেম্বৰ (হি.স.)। অসম চৰকাৰৰে সাহিতিক বঁটা প্ৰদান কৰে বকলীয়াঘাটৰ ভবেন চন্দ্ৰ কোঁচক।
পাহাৰীয়া জিলা খনৰ লগতে বকলীয়াঘাটলৈ গৌৰৱ কঢ়িয়াই আনিলে বকলীয়াঘাটৰ সু সন্তান ভৱেন চন্দ্ৰ কোঁচে। বৰণ্য সাহিত্যিক ভৱেন চন্দ্ৰ কোঁচক অসম চৰকাৰে আগবঢ়াই সাহিত্যিক বঁটা। সাহিত্যিক সকলক অনুপ্ৰেৰণা যোগাৱাৰ বাবে প্ৰতি বছৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সাহিত্যিক সকলক এই বঁটা প্ৰদান কৰে চৰকাৰে ৷ যোৱা ৭ ডিচেম্বৰত বকলীয়াঘাটৰ ভবেন চন্দ্ৰ কোঁচেও এই বঁটা লাভ কৰিবলৈ সক্ষম হয়। এই সন্মান লাভ কৰি যঠেষ্ট আনন্দিত হোৱাৰ লগতে আগলৈ সমাজৰ বাবে বহুতো কাম কৰিবলৈ অনুপ্ৰেৰণা লাভ কৰা বুলি মন্তব্য কৰে ভৱেন কোচে ৷ উল্লেখ্য বকলীয়াঘাটৰ সু সাহিত্যিক গৰাকীৰ এনে সফলতাত এতিয়া বকলীয়াঘাটত এক আনন্দ মুখৰ পৰিৱেশে বিৰাজ কৰিছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা