বিগত বৰ্ষত অসমলৈ ৩০ হাজাৰ বিদেশী পৰ্যটক আৰু ৭৬ লাখ দেশীয় পৰ্যটকৰ আগমন হৈছে–মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস
বৰপেটা, ১০ ডিচেম্বৰ (হি.স.)। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখেৰে কিবা এটা কৈছে মানে ই বাণী হৈ যায় । গতিকে মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া ছাকিৰা কিয় আৰু বহু শিল্পীয়েই আহিব অসমলৈ। প''ষ্ট মেলনৰ সংগীতানুস্থানক লৈ বৰপেটাত এই মন্তব্য পৰ্যটন মন
বিগত বৰ্ষত অসমলৈ ৩০ হাজাৰ বিদেশী পৰ্যটক আৰু ৭৬ লাখ দেশীয় পৰ্যটকৰ আগমন হৈছে–মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস


বৰপেটা, ১০ ডিচেম্বৰ (হি.স.)। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখেৰে কিবা এটা কৈছে মানে ই বাণী হৈ যায় । গতিকে মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া ছাকিৰা কিয় আৰু বহু শিল্পীয়েই আহিব অসমলৈ।

প'ষ্ট মেলনৰ সংগীতানুস্থানক লৈ বৰপেটাত এই মন্তব্য পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ । তেওঁ কয় যে অসমত যি কাম হৈ আছে সেই কাম পোন প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত হৈ আছে। সোমবাৰে গুৱাহাটীত অনুস্থিত প'ষ্ট মেলনৰ সংগীতানুস্থান সন্দৰ্ভত পৰ্যটন মন্ত্ৰীয়ে কলে--পূৰ্বে অসমলৈ বিদেশৰ পৰা ২/৩ হাজাৰ পৰ্যটক অহাৰ বিপৰীতে দেশীয় পৰ্যটকৰ সংখ্যা আছিল ২০২২ লাখ । কিন্তু বিগত বৰ্ষত অসমলৈ ৩০ হাজাৰ বিদেশী পৰ্যটক আৰু ৭৬ লাখ দেশীয় পৰ্যটকৰ আগমন হৈছে।

ৰাজ্যত আৰম্ভ কৰা কনচাৰ্ট ট্যুৰিজিমৰ জৰিয়তে সোমবাৰে প'ষ্ট মেলনৰ অনুস্থানৰ বাবে দেশ বিদেশৰ পৰ্যটকৰ আগমন ঘটিছে । বিদেশী পৰ্যটকৰ আগমনৰ জৰিয়তে ৰাজ্যৰ জিডিপি বাঢ়িব । ৰাজ্যৰ হোটেল ব্যৱসায়ৰ উন্নয়নৰ বাবেও এনে অনুস্থানৰ প্ৰয়োজন আছে।

আনকি ১০ হাজাৰ লোকে একেলগে সংগীতৰ অনুস্থান চাব পৰাকৈ স্থায়ী অডিট'ৰিয়ামৰো পোষকতা পৰ্যটন মন্ত্ৰী ৰণজিৎ দাসৰ।

পৰ্যটন মন্ত্ৰী ৰণজিৎ দাসৰ আশা-- এনেকুৱা দিন আহিব য'ত পৰ্যটনৰ উদ্যেশ্যে প্ৰতি মাহে এনে আন্তৰাষ্ট্ৰীয় সংগীত শিল্পীৰ অনুস্থানৰ আয়োজন হব ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande