বকোৰ সোণতলীৰ বদলা-ৰাংগাপানীত ভয়ংকৰ বাছ দুৰ্ঘটনা, শিশু নিহত
কামৰূপ, ১০ ডিচেম্বৰ (হি.স.)। কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত বদলা-ৰাংগাপানীত কালি নিশা এক বাছ দুৰ্ঘটনাত এগৰাকী শিশুৰ শোকাৱহ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। জানিব পৰা মতে কালি বকোত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰীৰ সভাস্থলীৰ
বকোৰ সোণতলীৰ বদলা-ৰাংগাপানীত ভয়ংকৰ বাছ দুৰ্ঘটনা, শিশু নিহত


কামৰূপ, ১০ ডিচেম্বৰ (হি.স.)। কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত বদলা-ৰাংগাপানীত কালি নিশা এক বাছ দুৰ্ঘটনাত এগৰাকী শিশুৰ শোকাৱহ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। জানিব পৰা মতে কালি বকোত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰীৰ সভাস্থলীৰ পৰা এএছ ০১ কেচি ৫০৮০ নম্বৰৰ 'সঞ্জয় 'নামৰ বাছ গাড়ীখনে যাত্ৰী কঢ়িয়াই তীব্ৰ বেগেৰে আহি থকা অৱস্থাত বদলা বজাৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।

এই দুৰ্ঘটনাত যাত্ৰীবাহী বাছৰ খুন্দাত বদলা অঞ্চলৰ আশ্ৰৱ আলীৰ পুত্ৰ ৰফিদুল ইছলাম (৭)নামৰ এটি শিশু থিতাতে নিহত হয় ।এই দুৰ্ঘটনাক কেন্দ্ৰকৰি স্থানীয় ৰাইজৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও পিছত টুপামাৰী আৰু সোণতলী আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ইতিমধ্যৰাইজে আবদ্ধ কৰি বাছখনৰ লগতে চালক জনক উদ্ধাৰ কৰি আৰক্ষীয়ে সোণতলী আৰক্ষী চকীলৈ লৈ যায়। নিহত শিশুটিৰ পৰিয়ালে আৰক্ষী আৰু জিলা প্ৰশাসনক উক্ত দুৰ্ঘটনাৰ এক তদন্তৰ জড়িয়তে ন্যায় প্ৰদানৰ লগতে ক্ষতিপূৰণৰ দাবী জনাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande