ডব্লিউ পি এল : প্ৰাক্তন ইংলেণ্ডৰ বলাৰ আন্যা শ্ব্ৰুছলেক আৰ চি বিৰ সহকাৰী প্ৰশিক্ষক নিযুক্ত
নতুন দিল্লী, ০৯ নৱেম্বৰ (হি.স.)। মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল) ২০২৬ৰ মেগা নিলামৰ পূৰ্বে দেওবাৰে ইংলেণ্ডৰ প্ৰাক্তন ফাষ্ট বলাৰ আন্যা শ্ব্ৰুছলেক সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে। লুক উইলিয়ামছৰ ঠাইত নতুনকৈ নিযু
अन्या श्रुबसोल (फोटो- आरसीबी)


নতুন দিল্লী, ০৯ নৱেম্বৰ (হি.স.)। মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল) ২০২৬ৰ মেগা নিলামৰ পূৰ্বে দেওবাৰে ইংলেণ্ডৰ প্ৰাক্তন ফাষ্ট বলাৰ আন্যা শ্ব্ৰুছলেক সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে। লুক উইলিয়ামছৰ ঠাইত নতুনকৈ নিযুক্তি পোৱা মুখ্য প্ৰশিক্ষক মেলোলান ৰঙাৰাজনৰ সৈতে কাম কৰিব শ্ব্ৰুবছলে।

খেলৰ দিনত বিশ্ব ক্ৰিকেটৰ অন্যতম শীৰ্ষ বেগী বলাৰ শ্ব্ৰুবছলে ২০১৭ চনৰ মহিলা বিশ্বকাপ জয় কৰা ইংলেণ্ড দলৰ অংশ আছিল। ফাইনেলত ভাৰতৰ বিৰুদ্ধে ৪৭ ৰানত ৬ উইকেট দখল কৰি প্লেয়াৰ অৱ দ্য মেচৰ বঁটাও লাভ কৰে। ২০২২ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো ধৰণৰ পৰা অৱসৰ গ্ৰহণ কৰা আন্যা শ্ব্ৰুবছলেৰ নামত ২০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় উইকেট আছে।

দ্য হাণ্ড্ৰেড মহিলা প্ৰতিযোগিতাত খেলুৱৈ-প্ৰশিক্ষক হিচাপে কাম কৰাৰ পিছত প্ৰশিক্ষকৰ অভিজ্ঞতাৰে আৰচিবিত যোগদান কৰে শ্ব্ৰুবছলে।

শ্ব্ৰুবছলেৰ নিযুক্তি সন্দৰ্ভত মুখ্য প্ৰশিক্ষক ৰঙাৰাজনে কয়, অন্যাই অভিজ্ঞতা আৰু নেতৃত্বৰ সমৃদ্ধি কঢ়িয়াই আনে। তেওঁ আমাৰ বলিং ইউনিটৰ তদাৰক কৰিব আৰু আমাৰ থিংক টেংকৰ এক অবিচ্ছেদ্য সদস্য হিচাপে কাম কৰিব। মোৰ কোনো সন্দেহ নাই যে তেওঁ দলৰ সৈতে নিৰৱচ্ছিন্নভাৱে একত্ৰিত হ'ব আৰু খেলপথাৰৰ ভিতৰত আৰু বাহিৰত উল্লেখযোগ্য প্ৰভাৱ পেলাব।

আৰ চি বিয়ে চাৰিজন খেলুৱৈক ধৰি ৰাখিছে।

২৭ নৱেম্বৰত অনুষ্ঠিত হ’ব মহিলা প্ৰিমিয়াৰ লীগ ২০২৬ৰ মেগা নিলাম। ইয়াৰ পূৰ্বে সকলো দলে শেহতীয়াকৈ নিজৰ ৰিটেইনড খেলুৱৈক মুকলি কৰি দিছিল। আৰ চি বিয়ে চাৰিজন গুৰুত্বপূৰ্ণ খেলুৱৈক ধৰি ৰখাৰ কথাও ঘোষণা কৰে। ৰিটেইন কৰা খেলুৱৈসকলৰ ভিতৰত আছে অধিনায়ক স্মৃতি মান্ধনা (৩.৫ কোটি টকা), উইকেটকীপাৰ ৰিচা ঘোষ (২.৭৫ কোটি টকা), অল ৰাউণ্ডাৰ এলিছ পেৰী (২ কোটি টকা), স্পিন অলৰাউণ্ডাৰ শ্ৰেয়ংকা পাটিল (৬০ লাখ টকা)। এই চাৰিগৰাকী খেলুৱৈৰ বাবে আৰচিবিয়ে মুঠ ৮.৮৫ কোটি টকা ব্যয় কৰিছে। এতিয়া এই ফ্ৰেঞ্চাইজিৰ নিলামত বাকী আছে ₹৬.১৫ কোটি টকা।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande