
যোৰহাট, ০৯ নৱেম্বৰ (হি.স.)। এগৰাকী যুৱতীৰ নিৰুদ্দেশক লৈ উত্তপ্ত তিতাবৰ ।তিতাবৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যুৱতী গৰাকীৰ আত্মীয়ই ।মহাবিদ্যালয়লৈ বুলি ওলাই অহাৰ পাছতে সন্ধানহীন হৈ পৰে যুৱতী গৰাকী । সন্ধানহীন যুৱতী গৰাকীৰ নাম বিপ্লৱী দাস ।ইতিমধ্যে তিতাবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যুৱতী গৰাকীৰ পৰিয়ালে ।
তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী আছিল সন্ধানহীন যুৱতী গৰাকী ।ইতিমধ্যে যুৱতী গৰাকী সন্ধানহীন হোৱাৰ সন্দেহৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে এগৰাকী ব্যক্তিক । আতক কৰা ব্যক্তি জন লক আপৰ ভিতৰতে অসুস্থ হৈ পৰাত চিকিৎসালয়লৈ নিয়াত বাধা প্ৰদান উত্তেজিত ৰাইজৰ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ