বোকাখাতত উমা চেত্ৰীলৈ বিপুল সম্বৰ্ধনা
বোকাখাতত উমা চেত্ৰীলৈ বিপুল সম্বৰ্ধনা ।
বোকাখাতত উমা চেত্ৰীলৈ বিপুল সম্বৰ্ধনা


গোলাঘাট, ০৯ নৱেম্বৰ (হি.স.): গোলাঘাটৰ বোকাখাতত যোৱা কালি শনিবাৰে বিয়লি মহিলা বিশ্বকাপ ক্ৰিকেট বিজয়ী ভাৰতীয় দলটোৰ সদস্য় উমা চেত্ৰীলৈ বিপুল সম্বৰ্ধনা জনোৱা হয় । বিশাল ৰেলীৰে আদৰি অনা ক্ৰিকেটাৰ উমা চেত্ৰীক জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ঢোল, মাদলৰ চেৱত পুষ্পবৃষ্টি কৰি মঞ্চলৈ আগবঢ়াই আনে ।

বোকাখাত জিলা ক্ৰীড়া সন্থা, গোলাঘাট জিলা প্ৰশাসন, জিলা আৰক্ষী প্ৰশাসন আৰু বোকাখাত সমজিলা প্ৰশাসনে আয়োজন কৰা অভিনন্দন অনুষ্ঠানত প্ৰথমেই সম্বৰ্ধনা জনায় মন্ত্ৰী অতুল বৰাই । জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, সমজিলা আয়ুক্তৰ লগতে শতাধিক দল-সংগঠনে উমা চেত্ৰীক উষ্ম আদৰণি তথা সম্ভাষণ জনায় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande