
তামুলপুৰ, ০৯নৱেম্বৰ (হি.স.)। তামুলপুৰ জিলা প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ l নাওকাটাৰ বাঙালীপাৰাত জিলা প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ l
জিলা পৰিবহন বিভাগ ,আৱকাৰী , বন বিভাগ আৰু ২৪ সংখ্য়ক এছএছবি ৰঙিয়াৰ নেতৃত্বত পথ সুৰক্ষা সজাগতা অনুষ্ঠান l অভিযানত নেতৃত্ব দিয়ে জিলা পৰিবহণ বিষয়া ৰিকৰঞ্জন দাসে। নাওকাটা বগামাটি সংযোগী পথৰ বঙালীপাৰাত উক্ত অভিযান দলটোৰ।
দুচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান কৰা, চাৰিচকীয়া বাহন চলাওঁতে চিটবেল্ট ব্যৱহাৰ, ম'ৱাইল ফোন ব্যৱহাৰ নকৰা, চালকে মদ্যপান নকৰা আৰু দ্ৰুতগতি পৰিহাৰ কৰাৰ আহ্বানেৰে উক্ত অভিযান ।
প্ৰতিদিনে নাওকাটা বগামাটি পথত এই অভিযান অব্যাহত থাকিব বুলি জানিব দিছে জিলা পৰিবহন বিষয়াগৰাকীয়ে । বনভোজস্থলী বগামাটিলৈ অহা বনভোজকাৰী সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিব দলটোৱে ৷ লগতে জিলাখনত দুৰ্ঘটনা ৰোধৰ মুল লক্ষ্য জিলা পৰিবহন বিভাগৰ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু