মঙ্গলদৈ জেজেএম পানী যোগান আঁচনিৰ ভেৱাৰঘাটত চাৰি বছৰে পানীৰ পৰা বঞ্চিত ৰাইজ
দৰং, ০৯ নৱেম্বৰ (হি.স.)। ঘৰে ঘৰে পাইপ আছে পানী নাই। ধোৱা চাঙত জল জীৱন মিচন(জেজেএম)। মঙ্গলদৈ জেজেএম পানী যোগান আঁচনিৰ অঞ্চলত স্থানীয় ৰাইজৰ অভিযোগ। মঙ্গলদৈ ভেৱাৰঘাট কলিতাপাৰা পানী যোগান আঁচনিৰ নমুনা হল ঘৰে ঘৰে পানীৰ পাইপ সংযোগ দিলে ঠিকেই কিন্তু চাৰ
মঙ্গলদৈ জেজেএম পানী যোগান আঁচনিৰ ভেৱাৰঘাটত চাৰি বছৰে পানীৰ পৰা বঞ্চিত ৰাইজ


দৰং, ০৯ নৱেম্বৰ (হি.স.)। ঘৰে ঘৰে পাইপ আছে পানী নাই। ধোৱা চাঙত জল জীৱন মিচন(জেজেএম)। মঙ্গলদৈ জেজেএম পানী যোগান আঁচনিৰ অঞ্চলত স্থানীয় ৰাইজৰ অভিযোগ। মঙ্গলদৈ ভেৱাৰঘাট কলিতাপাৰা পানী যোগান আঁচনিৰ নমুনা হল ঘৰে ঘৰে পানীৰ পাইপ সংযোগ দিলে ঠিকেই কিন্তু চাৰি বছৰে ধৰি পানীৰ পৰা বঞ্চিত ৰাইজ।

অনুপম কংগ্ৰেচুলেচনৰ দ্বাৰা নিৰ্মিত আঁচনিটোৰ টেষ্টিং কৰাৰ সময়ত যি পানী পৰিছিল তাৰ পিছত আৰু চাৰিটা বছৰ উকলি যোৱাৰ পিছতো পানীৰ পৰা বঞ্চিত হৈ আছে ৰাইজ। বৰ্তমান পানী যোগান আচনি খনৰ মুল স্থান ডোখৰ একাংশৰ বাবে হৈ পৰিছে অপকৰ্মৰ স্থলী।

চৰকাৰৰ ধন অপচয় কৰি ধোৱা চাঙত তুলিলে বুলি মন্তব্য স্থানীয় ৰাইজৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande