
লক্ষীমপুৰ, ০৯ নৱেম্বৰ (হি.স.): জনজাতিকৰণৰ আৰু স্বায়ত্ব শাসনৰ দাবীত লক্ষিমপুৰত টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰ উদ্য়োগত শনিবাৰে সন্ধিয়া বিশাল জোৰ সমদল বাহিৰ কৰা হয়। টাই আহোম যুৱ পৰিষদৰ আহ্বানত টাই আহোম যুৱ পৰিষদ, অসম, লক্ষীমপুৰ জিলা সমিতিৰ উদ্যোগত টাই আহোম মহিলা পৰিষদ, লক্ষীমপুৰ জিলা সমিতি আৰু টাই আহোম জ্ঞাতি সহযোগত 'জনজাতিকৰণৰ আৰু স্বায়ত্ব শাসনৰ দাবীত শনিবাৰে সন্ধিয়া বিশাল জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে।
লক্ষীমপুৰ ত্যাগ ক্ষেত্ৰৰ পৰা উলিওৱা হয় এই প্ৰতিবাদী সমদল। প্ৰতিবাদত অংশগ্ৰহণ কৰে আহোম সমাজৰ ৰাইজৰ লগতে টাইপাৰ কেন্দ্ৰীয় সভাপতি দিগন্ত তামুলী, কাৰ্যকৰী ভৰিগু হাতীমূৰীয়া সহ সম্পাদক প্ৰাঞ্জল বৰুৱা আদিয়ে। প্ৰণিধানযোগ্য় য়ে অসমৰ ছয় জনগোষ্ঠী ক্রমে- মৰাণ, মটক, আহোম, কোচ ৰাজবংশী, চুতীয়া আৰু চাহ জনগোষ্ঠীক জনজাতিৰ মর্যদা প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ