লংকাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন
হোজাই, ০৯ নৱেম্বৰ (হি.স.)। লংকাত আজি পুৱতি নিশা হাতী- মানুহৰ সংঘাটৰ এক শোকাবহ ঘটনা প্ৰত্যক্ষ কৰিব সক্ষম হৈছে স্থানীয় ৰাইজে ।লংকাৰ খাৰিখানা বজাৰৰ মাজ মজিয়াত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হʼল এজন লোক । ইব্ৰাহিম আলি লস্কৰ নামৰ লোকজন মছজিদলৈ অহাৰ সময়তে
লংকাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন


হোজাই, ০৯ নৱেম্বৰ (হি.স.)। লংকাত আজি পুৱতি নিশা হাতী- মানুহৰ সংঘাটৰ এক শোকাবহ ঘটনা প্ৰত্যক্ষ কৰিব সক্ষম হৈছে স্থানীয় ৰাইজে ।লংকাৰ খাৰিখানা বজাৰৰ মাজ মজিয়াত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হʼল এজন লোক । ইব্ৰাহিম আলি লস্কৰ নামৰ লোকজন মছজিদলৈ অহাৰ সময়তে হাতীৰ আক্ৰমণৰ সন্মুখীন হবলগীয়া হয় ।

মূৰ্মূষ অৱস্থাত পৰি থকা ৩৭ বছৰীয়া লোকজনক চিকিৎসালয়লৈ নিয়া হয় যদিও ইয়াৰ পূৰ্বেই মৃত্যু হয় লোকজন ।অকলশৰীয়া এটা হাতীয়ে পথৰ মাজতে সংঘটিত কৰে এই আক্ৰমণ । আজি পুৱতি নিশা,৪.৩০ মান বজাত ফজৰৰ নামাজ পঢ়িবলৈ অহাৰ সময়তে উক্ত শোকাবহ ঘটনাটো সংঘটিত হয় ।অঞ্চলটোৰ ৰাইজক বন্যহস্তীৰ আক্ৰমণৰ পৰা সুৰক্ষিত কৰাৰ আহ্বান স্থানীয় ৰাইজৰ ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande