
মৰিগাঁও, ০৯ নৱেম্বৰ (হি.স.): মৰিগাঁও জিলাৰ মৈৰাবাৰীত ৮০ লিটাৰ চুলাই মদ সহ এজনক আটক কৰা হৈছে। মৈৰাবাৰীৰ আৰক্ষী থানাৰ পৰিদৰ্শক পংকজ দাসৰ নিৰ্দেশ মৰ্মে উপ পৰিদৰ্শক অভিজিত শৰ্মাৰ নেতৃত্বত এক আৰক্ষীৰ দলে মৈৰাবাৰীৰ হিন্দী স্কুলৰ কাষতে যোৱা কালি শনিবাৰে নিশা এক অভিযান চলাই প্ৰায় ৮০ লিটাৰ চুলাই মদ জব্দ কৰিবলৈ সক্ষম হয়।
মৈৰাবাৰী মছজিদ ৰোডত থকা প্ৰায় অবৈধ ভাৱে আৰক্ষীৰ চকুত ধুলি দি ব্যৱসায় চলাই আছে। শনিবাৰে নিশা এক গোপন সূত্ৰে পম খেদি বুজন পৰিমাণৰ চলাই মদ জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা মদ খিনি মৈৰাবাৰী পুৰণা চিনেমা হলৰ নৰ্দমাত পেলায় দি নষ্ট কৰা হয়। ইফালে আৰক্ষীৰ এই কাৰ্যক স্থানীয় ৰাইজে প্ৰসংশা কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ