গোৱালপাৰাত আজি চলিব পুনৰ উচ্ছেদ অভিযান
গোৱালপাৰাত আজি চলিব পুনৰ উচ্ছেদ।
গোৱালপাৰাত আজি চলিব পুনৰ উচ্ছেদ অভিযান


গোৱালপাৰা, ০৯ নৱেম্বৰ (হি.স.): গোৱালপাৰাত আজিৰে পৰা পুনৰ চলিব উচ্ছেদ অভিযান। ইয়াৰ বাবে সাজু হৈছে আৰক্ষী প্ৰশাসন।উচ্ছেদ অভিযান ২.০ (evection 2.0) আৰম্ভ হ’ব গোৱালপাৰাত। দহিকাটা সংৰক্ষিত বনাঞ্চলত অবৈধ দখল উচ্ছেদৰ বাবে ৩০ দিন আগত জাননী দিছিল বন বিভাগে।

গোৱালপাৰা বন সংমণ্ডলৰ অন্তৰ্গত নিৰ্ধাৰিত সীমাৰ ভিতৰত দহিকাটা সংৰক্ষিত বনাঞ্চলৰ ভূমি অবৈধভাৱে বেদখল কৰি বিভিন্ন নিষিদ্ধ কাৰ্য্যকলাপ চলাই আহিছিল । যেনে গছ-গছনি কটা, ঘৰ নিৰ্মাণ কৰা, ব্যৱসায়িক গছ-গছনি (যেনে তামোল-পাণ্য ৰোপণ কৰা, পুখুৰী খন্দা আৰু বনাঞ্চলৰ মাটি কৃষিৰ বাবে ৰূপান্তৰ কৰা আদি কাৰ্যকলাপ চলাই আহিছে অবৈধ বেদখল কাৰীয়ে। ইফালে জাননী দিয়াৰ ৩০ দিন পিছত একাংশ বেদখল কাৰী নিজে নিজেই ঘৰ ভাঙি অইন স্থানলৈ লৈ গৈছে। প্ৰায় ৪৭৫ ঘৰ বেদখল কাৰীয়ে এই মুহূৰ্তত ঘৰ ভাগি অইন ঠাইত লৈ গৈছে।

আজি দেওবাৰ আৰু কালি সোমবাৰে প্ৰশাসনে চলাব এই উচ্ছেদ অভিযান। প্ৰায় ১১৪৩ বিঘা ভূমি বেদখলৰ কৱলৰ পৰা উদ্ধাৰ কৰিব প্ৰশাসনে। উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। উচ্ছেদ স্থলী লৈ ৰাওনা হৈছে কেইবাশতাধিক আৰক্ষীৰ দল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande