
কামৰূপ, ০৯ নৱেম্বৰ (হি.স.)। ছমৰীয়া সমষ্টিৰ চাম্পুপাৰা ৰয়েল স্পৰ্টচ ক্লাবৰ উদ্যোগত অহা ১৫ আৰু ১৬ নৱেম্বৰৰ দিনা অনুষ্ঠিত হ'ব এই প্ৰাইজ মানি দিবা-নৈশ ভলীবল প্ৰতিযোগিতা। অনুষ্ঠিতব্য প্ৰাইজ-মানি দিবা-নৈশ ভলীবল খেল প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ১৫,৯৯৯ টকা, দ্বিতীয় পুৰস্কাৰ ১০,৯৯৯ টকা, আৰু শ্ৰেষ্ঠ খেলুৱৈ বটাঁ হিচাপে দশ হাজাৰ এক টকাৰ লগতে একোটাকৈ ট্ৰফী আগবঢ়োৱা হব বুলি খেল পৰিচালনা কমিটিয়ে জানিবলৈ দিয়ে ৷সম্পুৰ্ণ নীতি-নিয়মৰ মাজেৰে খেলখনৰ সামৰণি পৰিব বুলি খেল পৰিচালনা কমিটিয়ে দৃঢ়তাৰে আশা ব্যক্ত কৰাৰ লগতে অনুষ্ঠিতব্য ভলীবল খেল প্ৰতিযোগিতাত আৰম্ভণিৰ পৰা সামৰণি লৈকে সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগিতা বিনম্ৰতাৰে কামনা কৰিছে ৷ খেল পৰিচালনা কমিটিৰ সৈতে অসম তথা ভাৰতৰ যিকোনো ঠাইৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোগাযোগ কৰিব খোজা ইচ্ছুক প্ৰতিযোগী দলক তলত উল্লেখ কৰা নম্বৰ দুটিত যোগাযোগ কৰিবলৈ কমিটীৰ ফালৰ পৰা আহ্বান জনাইছে। যোগাযোগৰ বাবে ফোন নম্বৰ দুটি হৈছে ক্ৰমে 7896008070 আৰু 9365705063
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ