
চিৰাং, ০৯ নৱেম্বৰ (হি.স.)। সমগ্ৰ ৰাজ্য লগতে চিৰাং জিলাতো ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩-ৰ অধীনত সুলভ মূল্যৰ মচুৰ দাইল, চেনি আৰু নিমখ কাইলৈৰ পৰা বিতৰণ কৰা হ'ব । এই সন্দৰ্ভত আজি জিলা সদৰ কাজলগাঁৱৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত যতীন বৰাই এখনি সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰি কৰে ।
কাইলৈ অৰ্থ্যাৎ ১০ নৱেম্বৰত, ৰাতিপুৱা ১০ বজাত জিলাখনৰ ৫০৩ টা সুলভ মূল্যৰ দোকানত অসম চৰকাৰৰ এই আঁচনিখনৰ শুভ উদ্বোধন কৰা হ'ব।
মচুৰ দাইল প্ৰতিকিলোত ৬৯ টকা চেনী ৩৮ টকা আৰু নিমখ ১০ টকাত ৰেচনকাৰ্ডধাৰী সকলে সংগ্ৰহ কৰিব পাৰিব।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা