
নলবাৰী, ০৯ নৱেম্বৰ (হি.স.)। নলবাৰী জিলাৰ টিহু পৌৰসভাৰ পৌৰপতি তথা লেখিকা হিমানী মজুমদাৰ প্ৰণীত ‘নীলাভ বেদনাত উচুপি উঠে হৃদয়’ নামৰ কবিতাপুথি এখন উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বিএইচবি মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ নমিতা দাস গুৰুঙে।
টিহু হৰিমন্দিৰৰ আম্বেদকাৰ ভৱনত দেওবাৰে নলবাৰী জিলাৰ টিহু পৌৰসভাৰ পৌৰপতি তথা লেখিকা হিমানী মজুমদাৰ প্ৰণীত ‘নীলাভ বেদনাত উচুপি উঠে হৃদয়’ নামৰ কবিতাপুথি এখন উন্মোচন কৰি বিএইচবি মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ নমিতা দাস গুৰুঙে কয় যে ‘‘এখন নতুন কিতাপ উন্মোচন কৰা মানে নতুন জগত এখন মুকলি কৰা। নতুন কিতাপ সকলোৱে আদৰি ল’ব লাগে।’’
ভাষণ প্ৰসংগত তেওঁ কয় যে নতুনসকলক কিতাপ পঢ়াৰ প্ৰতি ধাউতি বঢ়াবলৈ পৰিয়ালৰ আৰু সমাজৰ জ্যেষ্ঠসকলে উৎসাহ যোগাব লাগিব। তেওঁ জুবিন গাৰ্গৰ সান্নিধ্য লাভেৰে পোৱা অভিজ্ঞতাৰ বিষয়ে বিৱৰি বিশ্বশিল্পীগৰাকীৰ কেইবাটাও গীত পৰিৱেশন কৰে।
কবিতা পুথিখনৰ প্ৰণেতা তথা সমাজসেৱিকা হিমানী মজুমদাৰে পুথিখন লিখাৰ আঁৰৰ প্ৰেৰণা, পৰিৱেশ আদিৰ বিষয়ে বিৱৰি কয়। সভাখনৰ আঁত ধৰে টিহু মহাবিদ্যালয়ৰ অধ্যাপক ডঃ হেমেন ৰাজবংশী আৰু টিহু সাহিত্য সভাৰ সম্পাদক নিতু শৰ্মাই।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া