তামুলপুৰত অন্ন সেৱা দিন আচনিৰ জৰিয়তে উপকৃত হ'ব জিলাখনৰ মুঠ ৯৭,৯১৭টা পৰিয়াল
তামুলপুৰ ৯ নৱেম্বৰ (হি.স.):ৰাজ্য চৰকাৰৰ এক অভিলাষী কাৰ্যসূচী অন্ন সেৱা দিনৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰ জিলাতো ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩-ৰ অধীনত সুলভ মূল্যৰ মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণ সন্দৰ্ভত তামুলপুৰ জিলাৰ জিলা আয়ুক্ত
তামুলপুৰত অন্ন সেৱা দিন উপলক্ষ্যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত খাদ্য সামগ্ৰী বিতৰণ সন্দৰ্ভত সংবাদমেল।


তামুলপুৰত অন্ন সেৱা দিন উপলক্ষ্যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত খাদ্য সামগ্ৰী বিতৰণ সন্দৰ্ভত সংবাদমেল।


তামুলপুৰ ৯ নৱেম্বৰ (হি.স.):ৰাজ্য চৰকাৰৰ এক অভিলাষী কাৰ্যসূচী অন্ন সেৱা দিনৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰ জিলাতো ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩-ৰ অধীনত সুলভ মূল্যৰ মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণ সন্দৰ্ভত তামুলপুৰ জিলাৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি এখন সংবাদ মেল সম্বোধন কৰে।

সংবাদ মেলত তেওঁ উল্লেখ কৰে যে উক্ত সুলভ মূল্যৰ খাদ্য সামগ্ৰীবোৰৰ শুভ উদ্বোধন অনুষ্ঠান কাইলৈ, অৰ্থাৎ ১০ নৱেম্বৰৰ পুৱা ১০ বজাত ৰাজ্যৰ আন জিলাৰ লগতে তামুলপুৰ জিলাৰ প্ৰতিখন সুলভ মূল্যৰ বিপণীত অনুষ্ঠিত হ'ব। লগতে তেওঁ উল্লেখ্য কৰে, সুলভ মূল্যৰ দোকানৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া যাতে সুচাৰুৰূপে পৰিচালিত হয় আৰু চৰকাৰে দিয়া এই আঁচনিবোৰৰ পৰা যাতে ৰাইজ উপকৃত হয়, তাৰ কাৰণে কাইলৈৰ দিনটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব।'' কাইলৈ পুৱা ১০ বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয়ভাৱে এই আঁচনিৰ শুভাৰম্ভ কৰিব, যিটো অনুষ্ঠান প্ৰতিখন সুলভ মূল্যৰ দোকানত ৰাইজে ভাৰ্চুৱেলী উপভোগ কৰিব পাৰিব।

গতিকে ৰাইজক ওচৰৰ সুলভ মূল্যৰ দোকানলৈ কাইলৈ পুৱা ১০ বজাত যাবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে। উল্লেখ্য যে তামুলপুৰ জিলাত মুঠ ৩৮৩খন সুলভ মূল্যৰ দোকানৰ মাধ্যমেৰে ৯৭,৯১৭টা পৰিয়াল লাভান্বিত হ'ব। মচুৰ দাইল প্ৰতিকিলোত ৬৯ টকা, চেনি ৩৮ টকা আৰু নিমখ ১০ টকাত হিতাধিকাৰীসকলে চলিত নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ বাবে লাভ কৰিব পাৰিব। তাৰ পাছত নতুন নিৰিখত সামগ্ৰীসমূহ ৰাইজলৈ আগবঢ়োৱা হ'ব, যাতে তেওঁলোক আৰু অধিক লাভৱান হয়। তামুলপুৰ জিলা প্ৰশাসনে উক্ত আঁচনিখন সফল কৰি তোলাত সকলো নাগৰিকৰ সক্রিয় সহযোগিতা কামনা কৰিছে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande