আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ ট্ৰাম্প প্ৰশাসনক পৰিপূৰক পুষ্টি সহায়ক কাৰ্যসূচী সাময়িকভাৱে কৰ্তনৰ অনুমতি প্ৰদান
ৱাশ্বিংটন, ০৮ নৱেম্বৰ (হি.স.)। আমেৰিকাত চৰকাৰী শ্বাট ডাইন (বন্ধ)ৰ ফলত সৃষ্টি হোৱা সংকটৰ মাজতে শুকুৰবাৰে গভীৰ নিশা উচ্চতম ন্যায়ালয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক এক বৃহৎ সকাহ প্ৰদান কৰে। ন্যায়াধীশ কেটাঞ্জি ব্ৰাউন জেকচনে ট্ৰাম্প প্ৰশাসনক পৰ
আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ ট্ৰাম্প প্ৰশাসনক পৰিপূৰক পুষ্টি সহায়ক কাৰ্যসূচী সাময়িকভাৱে কৰ্তনৰ অনুমতি প্ৰদান


ৱাশ্বিংটন, ০৮ নৱেম্বৰ (হি.স.)। আমেৰিকাত চৰকাৰী শ্বাট ডাইন (বন্ধ)ৰ ফলত সৃষ্টি হোৱা সংকটৰ মাজতে শুকুৰবাৰে গভীৰ নিশা উচ্চতম ন্যায়ালয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক এক বৃহৎ সকাহ প্ৰদান কৰে। ন্যায়াধীশ কেটাঞ্জি ব্ৰাউন জেকচনে ট্ৰাম্প প্ৰশাসনক পৰিপূৰক পুষ্টি সহায়ক কাৰ্যসূচী সাময়িকভাৱে কৰ্তন কৰাৰ অনুমতি প্ৰদান কৰে। ন্যায়াধীশে তৎক্ষণাত নিম্ন আদালতৰ আদেশ স্থগিত ৰাখে যিয়ে প্ৰশাসনক পৰিপূৰক পুষ্টি সাহায্য কাৰ্যসূচীৰ সম্পূৰ্ণ ধন আবণ্টন দিবলৈ নিৰ্দেশ দিছিল।

দ্য নিউয়ৰ্ক টাইমছৰ তথ্য অনুসৰি ন্যায়াধীশগৰাকীয়ে হোৱাইট হাউছৰ এই কাৰ্য্যৰ বৈধতাৰ ওপৰত কোনো ৰায় দিয়া নাছিল। বৰঞ্চ চৰকাৰী বন্ধৰ সময়ত পৰিপূৰক পুষ্টি সাহায্য কাৰ্যসূচী কৰ্তনৰ অনুমতি বিচৰা চৰকাৰৰ যুক্তিসমূহ আপীল আদালতে বিবেচনা কৰিবলৈ অনুমতি দিয়াৰ নিম্ন আদালতে লোৱা সিদ্ধান্তত স্থগিত ৰাখিছিল।

এই প্ৰশাসনিক অৱস্থান এনে এটা সময়ত কৰা হৈছে যেতিয়া নিউয়ৰ্ক, কেনছাছ, পেনচিলভেনিয়া, অৰেগনকে ধৰি কেইবাখনো ৰাজ্যই নিজৰ বাসিন্দাসকলক সম্পূৰ্ণ সুবিধা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। কৃষি বিভাগে নিজৰ গাইডলাইনত পৰামৰ্শ দিয়াৰ দিনাই কেইবাখনো ৰাজ্যই নিজৰ পৰিকল্পনা ঘোষণা কৰিছিল যে অতি সোনকালে এই কাৰ্যসূচীৰ বাবে ধন উপলব্ধ কৰিব পাৰিব।

ন্যায়াধীশ জেকচনে আদেশত উল্লেখ কৰিছে যে তেওঁ আশা কৰিছে যে আপীল আদালতে গোচৰটোৰ মূল্যায়ন কৰি অতি সোনকালে সম্পূৰ্ণ ৰায়দান দিব।

উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপে প্ৰায় ৪ কোটি ২০ লাখ আমেৰিকান লোকৰ বাবে সংকটৰ সৃষ্টি কৰিছে। ৩৮ দিনীয়া চৰকাৰী বন্ধৰ ফলত দেশৰ প্ৰতিটো সম্প্ৰদায়ৰ প্ৰভাৱ পৰিছে। মন কৰিবলগীয়া যে আমেৰিকাত পৰিপূৰক পুষ্টি সহায়ক কাৰ্যসূচী, যাক এছএনএপি (SNAP), স্নেপ, ফুড ষ্টাম্প আৰু খাদ্য টিকট বুলিও কোৱা হয়, ই প্ৰায় আঠজন আমেৰিকান লোকৰ ভিতৰত এজনক সহায় আগবঢ়ায়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande