
কুৱেটা, ০৮ নৱেম্বৰ (হি.স.)। বেলুচিস্তান প্ৰদেশৰ স্বাধীনতা সংগ্ৰামক মষিমূৰ কৰাৰ উদ্দেশ্যেৰে পাকিস্তানৰ এছ এছ জি কমাণ্ডোসকলে আমেৰিকাৰ অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰিছে। যোৱা মাহত ৩০ অক্টোবৰত কালাটৰ মৰ্গাণ্ড আৰু খেছাৰ অঞ্চলত পাকিস্তানী সামৰিক কনভয়ত বেলুচ লিবাৰেশ্যন আৰ্মীয়ে আক্ৰমণ চলোৱাৰ সময়ত এই কথা প্ৰকাশ পাইছিল। এই আক্ৰমণত ছয়জন এছ এছ জি কমাণ্ডো আৰু অন্যান্য পাকিস্তানী সামৰিক জোৱান নিহত হোৱাৰ লগতে কেইবাজনো গুৰুতৰভাৱে আহত হয়। এই আক্ৰমণৰ পিছতে বিএলএ যোদ্ধাসকলে মৃত আৰু আহত সামৰিক জোৱানৰ অস্ত্ৰ-শস্ত্ৰ সংগ্ৰহ কৰি লগত লৈ যায়। বেলুচিস্তান ফেক্টছৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে এই অস্ত্ৰসমূহৰ ভিতৰত আছিল আমেৰিকাত নিৰ্মিত এম ৪ কাৰ্বাইন, মেচিনগান আৰু অন্যান্য আধুনিক অস্ত্ৰ।
পাষ্টো ভাষাৰ প্ৰকাশন দ্য বেলুচিস্তান পোষ্টত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এই সত্য প্ৰকাশ পাইছিল যেতিয়া প্ৰদেশখনত সক্ৰিয় তথ্য বিচাৰি উলিওৱা সংগঠন বেলুচিস্তান ফেক্টছে এই অস্ত্ৰসমূহ পৰ্যবেক্ষণ কৰিছিল। এই অস্ত্ৰসমূহৰ ভিতৰত আছে কল্ট ১৯১১ মেগাজিন (১৯২০০-এছ এছ ৱাই চিহ্নিত কৰা), ট্ৰিজিকন এচিঅ’জি ৬x৪৮ বিএচি ৰাইফল স্কোপ, এফএন-এম১৬এ৪ ফেক্টৰী বেৰেল (চিএইচএফ কেজ ক’ড ৩এছ৬৭৯ - এফএন), আৰু জাৰ্মানীত নিৰ্মিত হেকলাৰ এণ্ড কোচ এইচকে ২৩এ ১।
বেলুচিস্তান ফেক্টছৰ মতে, পাকিস্তানৰ সামৰিক বিষয়া আৰু নেতাসকলে ধাৰাবাহিকভাৱে অন্যান্য গোটৰ বিৰুদ্ধে আমেৰিকাৰ অস্ত্ৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। কিন্তু বিএলএই জব্দ কৰা অস্ত্ৰ-শস্ত্ৰৰ পৰা স্পষ্টকৈ বুজা যায় যে পাকিস্তানী সেনাই আফগানিস্তানত এৰি থৈ যোৱা বা ক্ৰয় কৰা আমেৰিকান অস্ত্ৰ ব্যৱহাৰ কৰি আছে। তদুপৰি পাকিস্তানে এই অস্ত্ৰ বিক্ৰী কৰি যথেষ্ট ৰাজহ আহৰণ কৰি আছে।
আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদন আৰু বিভিন্ন সূত্ৰৰ মতে, ফেডাৰেল চৰকাৰে আফগান সীমান্তৰ বজাৰৰ পৰা পশ্চিমীয়া দেশত নিৰ্মিত ৰাইফল, কাৰবাইন, আৰু আনুষংগিক সঁজুলি ক্ৰয় কৰে। এই অস্ত্ৰসমূহ সাধাৰণতে পৰম্পৰাগত সীমান্ত পথ যেনে টৰখাম, চামান, গুলাম খান, আৰু নৱা পাছৰ জৰিয়তে পাকিস্তানলৈ লৈ যোৱা হয়। বেলুচিস্তান ফেক্টছে উল্লেখ কৰিছে যে বজাৰত উপলব্ধ কিছুমান অস্ত্ৰ আমেৰিকাৰ ডিজাইনৰ সৈতে একে বুলি প্ৰমাণ পোৱা গৈছে। এই আমেৰিকান শৈলীৰ অস্ত্ৰবোৰক সাধাৰণতে লাহোৰী বুলি কোৱা হয়। লাহোৰ পুৰণি চাউনী অঞ্চলত এনে অস্ত্ৰ নিৰ্মাণৰ কাৰখানা আছে।
যোৱা বছৰ কাবুলৰ পৰা পাকিস্তানত প্ৰৱেশ কৰা এখন বাহনৰ পৰা এম৪এ১ কাৰবাইন, গ্লোক ৯ এমএম মেগজিন আৰু অন্যান্য অংশ উদ্ধাৰ হোৱা বুলি দাবী কৰা হৈছিল। বেলুচিস্তান আৰু ৱাজিৰিষ্টানতো কেইবাবাৰো সামৰিক বাহিনীয়ে উদ্ধাৰ কৰিছে লাহোৰীৰ অস্ত্ৰ-শস্ত্ৰ। খবৰ অনুসৰি কল্টৰ দৰে আমেৰিকান কোম্পানীয়ে ঐতিহাসিকভাৱে আফগান বাহিনীক এম৪/এম৪এ১ ৰাইফল প্ৰদান কৰি আহিছে। বেলুচিস্তানত বিদ্ৰোহীৰ বিৰুদ্ধে যুঁজিবলৈ গঠন কৰা ডেথ স্কোয়াডকো পাকিস্তান চৰকাৰে এনে মাৰাত্মক অস্ত্ৰ যোগান ধৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ