পূব ইউক্ৰেইনত ৰাছিয়াৰ ড্ৰোন আক্ৰমণত ৩ জন লোকৰ মৃত্যু, ১২ জন আহত
কিয়েভ, ০৮ নৱেম্বৰ (হি.স.)। ইউক্ৰেইনৰ পূব অঞ্চলৰ ডিনপ্ৰ’ চহৰত ৰাছিয়াৰ ড্ৰ’নে ৯ মহলীয়া আৱাসিক ভৱনত আক্ৰমণ চলোৱাত তিনিজন লোক নিহত হোৱাৰ লগতে ১২ জন আহত হয়। আহতসকলৰ ভিতৰত দুটা শিশুও আছে। ইউক্ৰেইনৰ বিষয়াসকলৰ মতে, শনিবাৰে পুৱা সংঘটিত হোৱা এই আক্ৰমণৰ
পুটিন–জেলেনক্সি


কিয়েভ, ০৮ নৱেম্বৰ (হি.স.)। ইউক্ৰেইনৰ পূব অঞ্চলৰ ডিনপ্ৰ’ চহৰত ৰাছিয়াৰ ড্ৰ’নে ৯ মহলীয়া আৱাসিক ভৱনত আক্ৰমণ চলোৱাত তিনিজন লোক নিহত হোৱাৰ লগতে ১২ জন আহত হয়। আহতসকলৰ ভিতৰত দুটা শিশুও আছে।

ইউক্ৰেইনৰ বিষয়াসকলৰ মতে, শনিবাৰে পুৱা সংঘটিত হোৱা এই আক্ৰমণৰ ফলত অট্টালিকাটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগতে কেইবাটাও এপাৰ্টমেণ্ট ধ্বংস হয়।

উদ্ধাৰকাৰী দলে ধ্বংসাৱশেষৰ পৰা তিনিটা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ইউক্ৰেইনৰ শক্তি মন্ত্ৰী শ্বিটলানা গ্ৰীঞ্চুকে ফেচবুক পোষ্টযোগে কয় যে এই আক্ৰমণৰ ফলত কেইবাটাও অঞ্চলত বিদ্যুৎ বিচ্ছিন্ন হৈছে।

ইফালে ৰাছিয়াত ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণৰ ফলত ভলগোগ্ৰাড অঞ্চলত বিদ্যুৎ বিচ্ছিন্ন হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে হতাহতিৰ কোনো খবৰ পোৱা নাই।

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ প্ৰায় চাৰি বছৰৰ পাছত দুয়োখন দেশে ইজনে সিজনৰ শক্তিৰ আন্তঃগাঁথনি লক্ষ্য কৰি প্ৰায় দৈনিক আক্ৰমণ চলাই আছে। যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকাৰ নেতৃত্বত কৰা সকলো কূটনৈতিক প্ৰচেষ্টা ব্যৰ্থ হৈছে।

ইফালে পূব ইউক্ৰেইনৰ প’ক্ৰ’ভস্ক চহৰ নিয়ন্ত্ৰণৰ বাবে দুয়োপক্ষৰ মাজত তীব্ৰ যুদ্ধ অব্যাহত আছে। চহৰখন ডনেস্কৰ দুৰ্গযুক্ত বেল্টৰ অংশ। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দাবী কৰিছে যে তেওঁৰ বাহিনী জয়ৰ ওচৰ চাপিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande