
বেংগালুৰু, ০৮ নৱেম্বৰ (হি.স.)। বেংগালুৰুৰ বিচিচিআই চেণ্টাৰ অৱ এক্সেলেন্সত ইণ্ডিয়া এ আৰু দক্ষিণ আফ্ৰিকা এৰ মাজত হোৱা মেচত আঘাতপ্ৰাপ্ত হৈ মেচৰ পৰা বাহিৰ হয় ঋষভ পন্ত। তেওঁ দক্ষিণ আফ্ৰিকাৰ এ বেষ্ট বলাৰ চেপো মৰেকিৰ বলত তিনিবাৰকৈ আঘাত কৰিছিল, এবাৰ হেলমেটত আৰু দুবাৰকৈ শৰীৰত— সোঁ কঁকাল আৰু পেটত। বাৰে বাৰে আঘাতৰ পিছত পণ্টে খেলপথাৰ এৰিব লগা হৈছিল।
এই কাণ্ডই টিম ইণ্ডিয়াৰ বাবে আঘাতৰ চিন্তাৰ সৃষ্টি কৰিছে, কিয়নো অহা শুকুৰবাৰে (১৪ নৱেম্বৰ) দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন টেষ্ট শৃংখলা খেলাৰ কথা আছে ছিনিয়ৰ দলটোৱে। যদিও পণ্টে আঘাতৰ মাজতো বেটিং অব্যাহত ৰাখিব বিচাৰিছিল, তথাপিও সতৰ্কতামূলক ব্যৱস্থা হিচাপে তেওঁক খেলপথাৰৰ পৰা বাহিৰলৈ লৈ যোৱা হৈছিল।
মৰেকিৰ ডেলিভাৰীৰ পৰা ৰিভাৰ্ছ ছুইপৰ চেষ্টা কৰাৰ সময়তে প্ৰাৰম্ভিক আঘাতৰ সৃষ্টি হয় যদিও বলটো মিছ কৰি পোনে পোনে হেলমেটত খুন্দা মাৰে। ফিজিঅ’ই কনকাচন টেষ্ট কৰি তেওঁক খেলিবলৈ ক্লিয়াৰ কৰে। কিছু সময়ৰ পিছতে তেওঁৰ সোঁ কঁকালত আঘাতপ্ৰাপ্ত হয়, যাৰ বাবে পেইন স্প্ৰে আৰু টেপিংৰ প্ৰয়োজন হয়। মৰেকিৰ তৃতীয়টো ডেলিভাৰীয়ে লেংথৰ পৰা আহি পেটত খুন্দা মাৰে, তাৰ পিছত বিষৰ বাবে ১৭ ৰানত (২২ বল) ইনিংছৰ পৰা অৱসৰ লয় পণ্টে। পন্তৰ ঠাইত ধ্ৰুৱ জুৰেলে দ্বিতীয় অধিবেশনত এক সুন্দৰ অৰ্ধশতক অৰ্জন কৰে।
শেহতীয়াকৈ ইংলেণ্ডৰ বিৰুদ্ধে অ’ভাল টেষ্টত ভৰিৰ আঘাতৰ বাবে ঋষভ পন্ত দলৰ পৰা বাহিৰ হৈছিল। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ বাবে তেওঁক পুনৰ চামিল কৰা হৈছে। যোৱা সপ্তাহত দক্ষিণ আফ্ৰিকা এৰ বিৰুদ্ধে প্ৰথমখন চাৰিদিনীয়া খেলৰ দ্বিতীয় ইনিংছত ৯০ ৰানৰ ন’ক কৰি তেওঁ এক সুন্দৰ প্ৰত্যাৱৰ্তন কৰিছিল আৰু উইকেট ৰক্ষা কৰাৰ সময়তো তেওঁক আৰামদায়ক যেন দেখা গৈছিল। কিন্তু বৰ্তমানৰ মেচখনৰ প্ৰথম ইনিংছত মৰেকিৰ শ্বৰ্ট বলত ২৪ ৰানত আউট হোৱাত এতিয়া আঘাতৰ বাবে দ্বিতীয় ইনিংছত আঘাত পাই অৱসৰ গ্ৰহণ কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ