
কাঠমাণ্ডু, ০৮ নৱেম্বৰ (হি.স.)। নেপাল ট্ৰাষ্টৰ প্ৰাক্তন সম্পাদক লেখ বাহাদুৰ কাৰ্কীক গ্ৰেপ্তাৰ কৰিছে নেপাল আৰক্ষীয়ে। নিয়ম উলংঘা কৰি দৰবাৰ মাৰ্গত ট্ৰাষ্টৰ মাটি ৩০ বছৰৰ বাবে লিজত দিয়াৰ অভিযোগ।
কেন্দ্ৰীয় তদন্ত ব্যুৰোৰ মুৰব্বী তথা অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শক মনোজ কে চিয়ে শনিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে চিটৱানত অৱসৰপ্ৰাপ্ত সচিব কাৰ্কীক গ্ৰেপ্তাৰ কৰা হয়। কেচিৰ মতে, ভূমি পট্টা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ