৫.৫ প্ৰাবল্যৰ ভূমিকম্পই পুনৰ জোকাৰি গ’ল বেলুচিস্তান
কুৱেটা, ০৮ নৱেম্বৰ (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কেইবাখনো জিলাত শনিবাৰে পুৱা প্ৰবল কঁপনি অনুভূত হয়। ৰাষ্ট্ৰীয় ভূমিকম্প নিৰীক্ষণ কেন্দ্ৰৰ তথ্য অনুসৰি স্থানীয় সময় অনুসৰি পুৱতি নিশা ২:৪৫ বজাত অনুভূত হোৱা এই ভূমিকম্পৰ তীব্ৰতা ৫.০ ৰিখটাৰ
৫.৫ প্ৰাবল্যৰ ভূমিকম্পই পুনৰ জোকাৰি গ’ল বেলুচিস্তান


কুৱেটা, ০৮ নৱেম্বৰ (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কেইবাখনো জিলাত শনিবাৰে পুৱা প্ৰবল কঁপনি অনুভূত হয়।

ৰাষ্ট্ৰীয় ভূমিকম্প নিৰীক্ষণ কেন্দ্ৰৰ তথ্য অনুসৰি স্থানীয় সময় অনুসৰি পুৱতি নিশা ২:৪৫ বজাত অনুভূত হোৱা এই ভূমিকম্পৰ তীব্ৰতা ৫.০ ৰিখটাৰ স্কেলত আছিস। ইয়াৰ কেন্দ্ৰস্থল কুৱেটাৰ পৰা প্ৰায় ৬৭ কিলোমিটাৰ উত্তৰ-পূবত ভূগৰ্ভস্থ আছিল। জিয়াৰাট, হৰনাই, জাৰ্দালু, খোষ্ট, শ্বাহৰাগ, মুছলিম বাগ, খানোজাই, কান মেহতাৰজাই, ৰোড মালাজাই, আৰু ছুৰখাব আদি অঞ্চলত এই কঁপনি অনুভূত হয়।

প্ৰাদেশিক ৰাজধানী কুৱেটাৰ কিছু অংশতো এই ভূমিকম্পৰ ফলত আতংকৰ সৃষ্টি হয়। অৱশ্যে এতিয়ালৈকে কোনো লোক হতাহতি বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই।

ইফালে পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগে জনসাধাৰণক সজাগ হৈ থাকিবলৈ আৰু চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে। মন কৰিবলগীয়া যে ভূতাত্ত্বিকভাৱে সংবেদনশীল এই অঞ্চলটো ভূমিকম্পৰ প্ৰৱণ।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande