
বেলেম (ব্ৰাজিল), ০৭ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে বিশ্বৰ নেতাসকলক গোলকীয় উষ্ণতা বৃদ্ধিৰ তাপমাত্ৰা ১.৫ ডিগ্ৰী চেলছিয়াছতকৈ কমলৈ সীমিত কৰাত ব্যৰ্থ হোৱাৰ বাবে তিৰস্কাৰ কৰি তেওঁলোকৰ নৈতিক অৱনতি আৰু অসাৱধানতাৰ লক্ষণ বুলি অভিহিত কৰিছে। তেওঁ সকীয়াই দিয়ে যে এই সীমা সাময়িকভাৱে ভংগ কৰিলেও ভয়াৱহ পৰিণতি হ'ব, যাৰ ফলত পৰিৱেশ তন্ত্ৰ ধ্বংস হ'ব।
ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন বা অংশীদাৰ সন্মিলন (চিঅ’পি ৩০)ৰ অনানুষ্ঠানিক সন্মিলনৰ বৃহস্পতিবাৰে ইয়াত অনুষ্ঠিত মুকলি অধিবেশনত ভাষণ দি তেওঁ এই মন্তব্য কৰে। তেওঁ কয়, পৰিৱেশ ধ্বংসৰ ফলত বহু সংগঠনে লাভৱান হৈছে। লবীং, জনসাধাৰণক বোকা পানী খুৱাই, অগ্ৰগতিত বাধা দিয়াৰ বাবে কোটি কোটি টকা ব্যয় কৰা হৈছে আৰু বহু নেতাই ইয়াত নিজৰ স্বাৰ্থ বিচাৰি পাইছে।
সন্মিলনত উপস্থিত থকা ৩০ জনতকৈ অধিক ৰাষ্ট্ৰপতিৰ সৈতে পোনপটীয়াকৈ ভাষণ দি তেওঁ কয় যে আমি আগবাঢ়িব বিচাৰো নে বিনষ্ট হ’ব বিচাৰো সেইটো আমি সিদ্ধান্ত ল’ব লাগিব। এইটো কেৱল নৈতিক ব্যৰ্থতা নহয়, ই এক গুৰুতৰ গাফিলতিও।
ইফালে, বিশ্ব বতৰ বিজ্ঞান সংস্থাই বৃহস্পতিবাৰে প্ৰকাশ কৰা এক প্ৰতিবেদনত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ এই দাবী নিশ্চিত কৰিছে। প্ৰতিবেদন অনুসৰি পৃথিৱীখনক উষ্ণ কৰি তোলা সেউজ গৃহ গেছ বিপজ্জনকভাৱে বৃদ্ধি পাইছে। প্ৰতিবেদন অনুসৰি ২০২৫ চনটো এতিয়ালৈকে দ্বিতীয় বা তৃতীয় গৰম বছৰ হোৱাৰ পথত আগবাঢ়িছে আৰু অভিলেখত থকা দহটা আটাইতকৈ উষ্ণ বছৰ সকলোবোৰ যোৱা দশকত সংঘটিত হৈছে।
এই সন্মিলনত সমগ্ৰ বিশ্বৰ প্ৰায় ১৫০ জন ৰাষ্ট্ৰপতি বা নেতাই নিজৰ মতামত প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। কিন্তু আমেৰিকা, চীন, ভাৰত, ৰাছিয়াৰ দৰে ডাঙৰ জলবায়ু প্ৰদূষক দেশৰ অনুপস্থিতিয়ে এই সন্মিলনৰ সফলতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আমেৰিকাই কোনো প্ৰতিনিধি প্ৰেৰণ কৰা নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰথম কাৰ্যকালত পেৰিছ চুক্তিৰ পৰা আঁতৰি আহিছিল। অৱশ্যে তেওঁৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰপতি জো বাইডেনে পৰিৱেশ বিষয়ত নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰাৰ প্ৰতিশ্ৰুতি দিছে। আমেৰিকাই এই চুক্তিসমূহত যোগদান কৰিবলৈ সন্মত হৈছিল যদিও ট্ৰাম্প পুনৰ নিৰ্বাচিত হোৱাৰ পিছত আমেৰিকাই এই চুক্তিসমূহৰ পৰা আঁতৰি আহিছিল।
মন কৰিবলগীয়া যে অহা ১০ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ আনুষ্ঠানিকভাৱে অনুষ্ঠিত হ’ব চি অ’ পিৰ ৩০ সংখ্যক অধিৱেশন। বৰ্তমান অনানুষ্ঠানিক আলোচনা আৰু প্ৰস্তুতিমূলক কাম-কাজ চলি আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ