এংগোলাৰ বিৰুদ্ধে প্ৰীতি মেচৰ বাবে আৰ্জেণ্টিনাৰ দলত অন্তৰ্ভুক্ত লিয়নেল মেছি
ফ’ৰ্ট ল’ডাৰডেল (ফ্ল’ৰিডা), ০৭ নৱেম্বৰ (হি.স.)। ইণ্টাৰ মিয়ামিৰ তাৰকা ফৰৱাৰ্ড লিয়নেল মেছি আৰু তেওঁৰ সতীৰ্থ ৰড্ৰিগো ডি পলৰ নাম আৰ্জেণ্টিনাৰ জাতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে। অহা সপ্তাহত এংগোলাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া প্ৰীতি মেচৰ বাবে নিৰ্বাচিত হ
स्टार फुटबॉलर लियोनेल मेसी


ফ’ৰ্ট ল’ডাৰডেল (ফ্ল’ৰিডা), ০৭ নৱেম্বৰ (হি.স.)। ইণ্টাৰ মিয়ামিৰ তাৰকা ফৰৱাৰ্ড লিয়নেল মেছি আৰু তেওঁৰ সতীৰ্থ ৰড্ৰিগো ডি পলৰ নাম আৰ্জেণ্টিনাৰ জাতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে। অহা সপ্তাহত এংগোলাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া প্ৰীতি মেচৰ বাবে নিৰ্বাচিত হৈছে দুয়োগৰাকী খেলুৱৈয়ে।

আৰ্জেণ্টিনাৰ মুখ্য প্ৰশিক্ষক লিয়নেল স্কাল’নীয়ে ১৪ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰীতি মেচখনৰ বাবে ২৪ জনীয়া দল ঘোষণা কৰে।

মেছিৰ দল ইণ্টাৰ মিয়ামি বৰ্তমান এম এল এছ কাপ প্লে অফৰ প্ৰথম ৰাউণ্ডত আছে আৰু নেশ্বভিল এফ চিৰ বিৰুদ্ধে খেলিব। দুয়োটা দলে প্ৰথম দুখন মেচত জয়লাভ কৰিছে, শনিবাৰে ফ’ৰ্ট ল’ডাৰডেলত অনুষ্ঠিত হ’ব নিৰ্ণায়ক তৃতীয়খন মেচ। যদি ইণ্টাৰ মিয়ামি জয়ী হয় তেন্তে ২২ বা ২৩ নৱেম্বৰৰ পৰা ইষ্টাৰ্ণ কনফাৰেন্সৰ ছেমিফাইনেল আৰম্ভ হ’ব।

মেছি আৰু ডি পল দুয়োজনে অক্টোবৰ মাহত আৰ্জেণ্টিনাৰ হৈ দুখন প্ৰীতি মেচ খেলিছিল। সেই সময়ছোৱাত মেছিয়ে এখন মেচত অংশগ্ৰহণ কৰাৰ বিপৰীতে ডি পলে দুয়োখন খেলতে খেলিছিল – ভেনিজুৱেলা আৰু প’ৰ্ট’ ৰিকোৰ বিৰুদ্ধে।

প্ৰশিক্ষক স্কাল’নীয়ে আৰ্জেণ্টিনাৰ ঘৰুৱা লীগ প্ৰাইমেৰা ডিভিজনৰ পৰা খেলুৱৈ নিৰ্বাচন কৰা নাছিল, কিয়নো নৱেম্বৰৰ আন্তঃৰাষ্ট্ৰীয় উইণ্ড’ৰ সময়ছোৱাত তাত মেচ অব্যাহত থাকিব।

আৰ্জেণ্টিনাৰ ফুটবল এছ’চিয়েশ্যনৰ সভাপতি ক্লাউডিঅ’ টাপিয়াই ই এছ পি এনক কয় যে আমি স্কাল’নিৰ সৈতে কথা পাতিলোঁ আৰু নিশ্চিত কৰিলোঁ যে ক্লাউছুৰা প্ৰতিযোগিতাৰ নিৰ্ণায়ক মেচত খেলা আৰ্জেণ্টিনাৰ ক্লাবৰ খেলুৱৈসকলক এইবাৰ মাতি অনা নহয়।

ইফালে মেছি এষ্টন ভিলাৰ গ’লৰক্ষক এমিলিয়ানো “ডিবু” মাৰ্টিনেজক দলত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।

এই ছিজনত এম এল এছ গোল্ডেন বুট আৰু এম ভি পি (মষ্ট ভেলুৱেবল প্লেয়াৰ)ৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী মেছিয়ে লীগৰ শ্ৰেষ্ঠ একাদশৰ ভিতৰতো নিৰ্বাচিত হৈছে। এই ছিজনত তেওঁৰ ২৯টা গ’ল আৰু ১৯টা এছিষ্ট আছে—মুঠ ৪৮টা গ’ল, ২০১৯ চনত কাৰ্লোছ ভেলাৰ ৪৯টা গ’লৰ পৰা মাত্ৰ এটা গ’ল কম।

আৰ্জেণ্টিনাৰ সম্পূৰ্ণ দল

গ’লৰক্ষক : জেৰ’নিমো ৰুলি (মাৰ্চাইল), ৱালটাৰ বেনিটেজ (ক্ৰিষ্টাল পেলেচ)।

ডিফেণ্ডাৰ : নাহুৱেল মলিনা (এটলেটিকো মাদ্ৰিদ), জুয়ান ফয়থ (ভিলাৰিয়েল), ক্রিষ্টিয়ান ৰোমেৰো (টটেনহাম), নিকোলাছ অটামেণ্ডি (বেনফিকা), মাৰ্কছ চেনেচি (ব’ৰ্নমাউথ), নিকোলাছ টাগ্লিয়াফিকো (লায়ন), ভেলেন্টিন বাৰ্কো (ৰেচিং ষ্ট্ৰাছবাৰ্গ)।

মিডফিল্ডাৰ: এলেক্সিছ মেক এলিষ্টাৰ (লিভাৰপুল), এনজো ফাৰ্নাণ্ডেজ (চেলছিয়া), ৰড্ৰিগো ডি পল (ইণ্টাৰ মিয়ামি), জিওভানি লো চেলছ’ (ৰিয়েল বেটিছ), থিয়াগো আলমাডা (এটলেটিকো মাদ্ৰিদ), মাক্সিমো পেৰ’নে (ক’মো), নিকোলাছ পাজ (ক’মো)।

ফৰৱাৰ্ড : লিয়নেল মেছি (ইণ্টাৰ মিয়ামি), লাউটাৰো মাৰ্টিনেজ (ইণ্টাৰ মিলান), জুলিয়ান আলভাৰেজ (এটলেটিকো মাদ্ৰিদ), নিকোলাছ গনজালেজ (এটলেটিকো মাদ্ৰিদ), জুলিয়ানো চিমিওনে (এটলেটিকো মাদ্ৰিদ), জোচে মেনুৱেল লোপেজ (পালমেইৰাছ), জিয়ানলুকা প্ৰেষ্টিয়ানি (বেনফিকা), জোৱাকিন পানিচেলি (ৰেচিং ষ্ট্ৰাছবাৰ্গ)।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande