
শোণিতপুৰ, ০৭ নৱেম্বৰ (হি.স.)। ভাৰতীয় হকীৰ শতবৰ্ষৰ স’তে সংগতি ৰাখি আজি সমগ্ৰ দেশৰ লগতে তেজপুৰতো দেশৰ হকী খেলৰ শতবৰ্ষ উদযাপন কৰা হয় ৷ পুৱা ১০বজাৰ পৰা তেজপুৰৰ ঈদগাহ ময়দানত চাব জুনিয়ৰ আৰু জুনিয়ৰ শাখাত ল’ৰা আৰু ছোবালীৰ উভয় বিভাগতে এখন হকী প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷
মুঠ ছটা দলে অংশলোৱা প্ৰতিযোগিতাখনৰ খেলুৱৈ সকলৰ লগতে শোণিতপুৰৰ ক্ৰীড়া বিষয়া তথা তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা বিষয়ববীয়া সকল উপস্থিত থাকে৷ তেজপুৰ জিলা হকী সন্হাৰ সম্পাদক ৰণেন শৰ্মাই সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি শলাগৰ শৰাই আগবঢ়ায়।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ