
জাকাৰ্টা, ০৭ নৱেম্বৰ (হি.স.)। ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাৰ এখন বিদ্যালয়ৰ চৌহদত অৱস্থিত মছজিদত শুকুৰবাৰৰ নামাজৰ সময়ত হোৱা বিস্ফোৰণত ৫৪ জন লোক আহত হয়। ইয়াৰে বহুতৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ মতে, উত্তৰ জাকাৰ্টাৰ কেলাপা গাণ্ডাং অঞ্চলত সংঘটিত হোৱা এই বিস্ফোৰণৰ কাৰণৰ তদন্ত অব্যাহত আছে।
ইফালে, মহানগৰ আৰক্ষী অধীক্ষক আচেফ এদি ছুহেৰীয়ে টেলিভিছনযোগে এক সংবাদমেলযোগে জনোৱা মতে, আহত ৫৪ জনক সকলোকে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ছুহেৰীয়ে কয় যে চিকিৎসালয়ত ভৰ্তি হোৱা একাংশৰ অৱস্থা সংকটজনক। আন কিছুমানে জ্বলা-পোৰাকে ধৰি সামান্য আঘাতপ্ৰাপ্ত হয়।
মিডিয়া চেনেলসমূহে বিদ্যালয়খনৰ চাৰিওফালে আৰক্ষীৰ ঘেৰাও আৰু এম্বুলেন্সৰ বাবে অপেক্ষা কৰি থকা লোকসকলৰ ভিডিঅ’ ফুটেজ দেখুৱাইছে।
हिन्दुस्थान समाचार / অৰৱিন্দ