
ঢাকা, ০৭ নৱেম্বৰ (হি.স.)। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে মহিলা দলৰ প্ৰাক্তন অধিনায়ক জাহানাৰা আলমৰ বৰ্তমান আৰু প্ৰাক্তন বিচিবিৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগৰ তদন্ত আৰম্ভ কৰিছে।
শেহতীয়াকৈ বাংলাদেশৰ ৩২ বছৰীয়া বেগী বলাৰ জাহানাৰাই ইউটিউবত দিয়া এক সাক্ষাৎকাৰত অভিযোগ কৰিছিল যে ২০২২ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা মহিলা বিশ্বকাপৰ সময়ত তেতিয়াৰ নিৰ্বাচক তথা মেনেজাৰ মনজুৰুল ইছলামকে ধৰি বিচিবিৰ বৰ্তমান আৰু প্ৰাক্তন বিষয়াসকলে তেওঁৰ প্ৰতি অনুচিত আচৰণ কৰিছিল। জাহানাৰাই দাবী কৰিছিল যে মনজুৰুল ইছলামে “মহিলা খেলুৱৈক উৎসাহিত কৰাৰ অজুহাতত বুকুত সাৱটি ধৰিছিল বা হেঁচা মাৰি ধৰিছিল।” কেইবাগৰাকীও খেলুৱৈৰ সৈতে এই আচৰণ সংঘটিত হোৱা বুলিও কয় তেওঁ।
বৰ্তমান চীনত থকা মঞ্জুৰুল ইছলামে এই অভিযোগসমূহক “ভিত্তিহীন” বুলি অভিহিত কৰিছে। তেওঁ ক'লে, এই সকলোবোৰ মিছা। দলৰ আন ছোৱালীবোৰক সুধিব পাৰে।
৪৬ বছৰীয়া মঞ্জুৰুলে ১৯৯৯ চনৰ পৰা ২০০৪ চনৰ ভিতৰত বাংলাদেশৰ হৈ ১২খন টেষ্ট আৰু ৩৪খন এদিনীয়া খেল খেলিছিল আৰু পিছত প্ৰশিক্ষক আৰু পৰিচালনাৰ ভূমিকা পালন কৰিছিল।
জাহানাৰা আলমে নিজৰ কেৰিয়াৰত ৪৮টা এদিনীয়া আৰু ৬০টা টি-২০ উইকেট দখল কৰাৰ লগতে দেশৰ হৈ ১৩৫খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। পূৰ্বেও লিখিত অভিযোগ ব’ৰ্ডত দাখিল কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল বুলিও কয় ছানীয়ে।
বিচিবিয়ে উল্লেখ কৰিছে যে বিষয়টোৰ তদন্তৰ বাবে এখন কমিটী গঠন কৰা হৈছে আৰু ১৫ কৰ্মদিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।
ব’ৰ্ডে এক বিবৃতি প্ৰকাশ কৰি কয় যে, “আমি নিৰাপদ, সন্মানজনক আৰু পেছাদাৰী পৰিৱেশ বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”
বিচিবিৰ উপ-সভাপতি শ্বাখাৱত হোছেইনে কয় যে এইটো এটা গুৰুতৰ বিষয় আৰু সেয়েহে ইয়াৰ সম্পূৰ্ণ তদন্তৰ প্ৰয়োজন।
हिन्दुस्थान समाचार / অৰৱিন্দ