
ইছলামাবাদ, ০৭ নৱেম্বৰ (হি.স.ছ)। পাকিস্তানৰ সিন্ধ প্ৰদেশৰ ঘোটকী জিলাৰ উবাউৰো চহৰত তিনিটা জনজাতীয় সংগঠনৰ মাজত হোৱা গুলীচালনাৰ ফলত সশস্ত্ৰ সংগঠনৰ বিৰুদ্ধে আৰক্ষী আৰু ৰেঞ্জাৰৰ যৌথ অভিযানত কমেও ১৫ জন লোক নিহত হয়।
এই তথ্য শুকুৰবাৰে আৰক্ষীৰ উদ্ধৃতিৰে বিভিন্ন বাতৰি কাকতত প্ৰকাশ পাইছে।
ইফালে, আৰক্ষীৰ মতে, উবাউৰোত তিনিটা জনজাতীয় গোটৰ মাজত সশস্ত্ৰ সংঘৰ্ষৰ পিছত আৰক্ষী আৰু ৰেঞ্জাৰছৰ যৌথ অভিযান চলি আছে। গুলীচালনাত এজন আৰক্ষী বিষয়াও নিহত হোৱাৰ খবৰ পোৱা গৈছে। এই গুলীচালনাত চাইলৰা আৰু ডণ্ডো জনগোষ্ঠীৰ ৬ জন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় দুজন।
আৰক্ষী বিষয়াসকলে জনোৱা মতে, এই অভিযানত শ্বাৰ জনগোষ্ঠীৰ ৯ জন লোক নিহত হয়। মৃত লোকসকলৰ ৭ জনৰ মৃতদেহ চিকিৎসালয়ত ৰখা হৈছে, বাকী মৃতদেহ উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত আছে বুলি জানিবলৈ দিয়ে। বিষয়াসকলে জনোৱা মতে, এই অভিযান অব্যাহত আছে আৰু সশস্ত্ৰ সংগঠনৰ বিৰুদ্ধে ব্যাপক দমন অভিযান চলাবলৈ অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ