‘বিশ্বশিল্পী জুবিন গাৰ্গ’ শীৰ্ষক জ্যেষ্ঠ সাংবাদিক দুলাল মিশ্ৰৰ গ্ৰন্থ উন্মোচন
গুৱাহাটী, ০৬ নৱেম্বৰ (হি.স.)। হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টিৰাজিক জীয়াই ৰাখিবলৈ সকলোৱে চেষ্টা কৰিছে। প্ৰতিটো দিনেই সোণাপুৰৰ জুবিন ক্ষেত্ৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদিছে। জুবিন গাৰ্গে সকলোকে কি
‘বিশ্বশিল্পী জুবিন গাৰ্গ’ শীৰ্ষক জ্যেষ্ঠ সাংবাদিক দুলাল মিশ্ৰৰ গ্ৰন্থ উন্মোচন


গুৱাহাটী, ০৬ নৱেম্বৰ (হি.স.)। হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টিৰাজিক জীয়াই ৰাখিবলৈ সকলোৱে চেষ্টা কৰিছে। প্ৰতিটো দিনেই সোণাপুৰৰ জুবিন ক্ষেত্ৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদিছে। জুবিন গাৰ্গে সকলোকে কিতাপ পঢ়িবলৈ আৰু লিখিবলৈ প্ৰায়ে উৎসাহ দিছিল। জুবিন গাৰ্গে কৈছিল কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে। সেয়ে আপোন শিল্পীগৰাকীক শ্ৰদ্ধা জনাই এগৰাকী জ্যেষ্ঠ সাংবাদিকে লিখি উলিয়ালে জুবিন গাৰ্গৰ সাংগীতিক জীৱন পৰিক্ৰমাৰ ওপৰত এখন কিতাপ। সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ জীৱনৰ নানা দিশ সামৰি প্ৰকাশ পালে ‘বিশ্বশিল্পী জুবিন গাৰ্গ’ গ্ৰন্থখন। এই গ্ৰন্থখন লিখি উলিয়ালে জ্যেষ্ঠ সাংবাদিক দুলাল মিশ্ৰই। এই গ্ৰন্থখন প্ৰকাশ কৰিছে গুৱাহাটীৰ পাণবজাৰৰ আৰ জি পাব্লিকেচনে।

জুবিন গাৰ্গৰ জীৱনৰ নানা দিশ সামৰি লোৱা গ্ৰন্থখনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গে গোৱা প্ৰায় ৪০ হাজাৰ গানৰ তালিকা, সংগীত পৰিচালনা কৰা অসমীয়া তথা বঙালী ছবিৰ তালিকা, বলীউদত জুবিন গাৰ্গৰ অৱদান আদিও সামৰি লোৱা হৈছে। কেৱল সংগীত শিল্পী ৰূপে নহয়, জুবিন গাৰ্গক এগৰাকী মানৱতাবাদীৰ ৰূপত, প্ৰকৃতি প্ৰেমীৰ ৰূপতো গ্ৰন্থখনত সুন্দৰভাবে তুলি ধৰা হৈছে। শিল্পীগৰাকীয়ে প্ৰকৃতিৰ মাজতে থাকি ভাল পাইছিল, গছ ভাল পাইছিল। এই সকলো দিশ সামৰি গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে। জীৱ-জন্তুৰ প্ৰতি অগাধ ভালপোৱা মৰমৰ কথাও উল্লেখ কৰা হৈছে এই গ্ৰন্থখনত। লগতে গ্ৰন্থখনত জুবিন গাৰ্গৰ বহু কেইটা কালজয়ী গীত সন্নিবিষ্ট কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande