
শোণিতপুৰ, ০৬ নৱেম্বৰ (হি.স.)। তিনিজনীয়া এটা যুৱকৰ দলে আজি দুপৰীয়া তেজপুৰৰ শালনিবাৰী আৰক্ষী চকীৰ সন্মুখৰ ৰাষ্ট্ৰীয় পথত কৰ্তব্যৰত আৰক্ষীক মহতিয়াই নিয়াৰ অপচেষ্টা চলোৱাৰ লগতে আৰক্ষীৰ বাহনক খুন্দিয়াই পলায়ন কৰাৰ চেষ্টা চলায়। ইয়াৰ পাছত আৰক্ষীয়ে খেদিগৈ বাহনসহ তিনিও অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
ঘটনা সন্দৰ্ভত আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি , আজি তেজপুৰলৈ ড্ৰাগছ সৰবৰাহকাৰীৰ এটা দল বাহনত আহি থকাৰ এক গোপন সম্ভেদ লাভ কৰে আৰক্ষীয়ে৷ সেই তথ্যৰ ভিত্তিত তেজপুৰ শালনীবাৰী আৰক্ষী চকীয়ে ততাতৈয়াকৈ সন্মুখৰ ৰাষ্ট্ৰীয় পথত তালাচী অভিযান আৰম্ভ কৰে ৷ দিনৰ প্ৰায় ১-৩০ বজাত আৰক্ষী দলটোৱে বালিপৰা দিশৰ পৰা তেজপুৰ অভিমুখে আহি থকা এএছ-১২ৱাই - ৩৭১৩ নম্বৰৰ বগা ৰঙৰ টাটা হেৰিয়াৰ বাহনখন ৰখাবলৈ সংকেত দিয়ে ৷ কিন্তু বাহনখনৰ চালকজন সেই সংকেট অৱজ্ঞা কৰি কৰ্তব্যৰত আৰক্ষী বিষয়া চন্দ্ৰ শেখৰ শ্ৰেষ্ঠক মহতিয়াই বাহনখন চলাই যোৱাৰ অপচেষ্টা কৰে আৰু আৰক্ষীৰ বাহনখনো খুন্দিয়াই পলায়ন কৰে ৷ ফলত আৰক্ষী বিষয়াজনৰ জীৱন কথমপি ৰক্ষা পৰে যদিও কিছু পৰিমাণে আহত হয় ৷
ইয়াৰ পাছতে তীব্ৰ বেগত পলায়ন কৰা উক্ত টাটা হেৰিয়াৰ বাহনখনক আৰক্ষীৰ বাহনে অনুসৰণ কৰে৷ ইয়াৰ সমান্তৰালভাৱে বাহনখনৰ সন্ধানত তেজপুৰ আৰক্ষীৰ দলো নামি পৰে ৷ আৰক্ষীয়ে অভিযান চলাই উক্ত বাহনখন তেজপুৰ প’ল’ ফিল্ডৰ সমীপৰ বামুণ চুবুৰিৰ প্ৰয়াত পিম্পু শৰ্মাৰ বাসগৃহ চৌহদত উদ্ধাৰ কৰি থানালৈ আনে৷ তদুপৰি বাহনখন আৰোহী তথা পৰিয়ালটোৰ দুই যুৱ সদস্যসহ তিনি যুৱকক গ্ৰেপ্তাৰ কৰে ৷
উল্লেখ্য যে , তেজপুৰ আৰক্ষী থানালৈ আনি টাটা হেৰিয়াৰখনৰ ভিতৰত তালাচী চলোৱাত বাহনখনৰ পৰা পাঁচটাকৈ হেৰ’ইন ভৰ্তি সৰু প্লাষ্টিকৰ কন্টেইনাৰো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাত ধৃত তিনিও ড্ৰাগছ সৰবৰাহৰ স’তে জড়িত থকাটো নিশ্চিত হয় ৷ ধৃত তিনিওকে বামুণ চুবুৰিৰ একেটা পৰিয়ালৰ দুই ভাতৃ অৰৱ শৰ্মা আৰু ৰক্তিম শৰ্মাৰ উপৰি স্থানীয় লালমাটি টাইগাৰ হিলছ ৰোডৰ প্ৰয়াত মানিক চক্ৰৱৰ্তীৰ পুত্ৰ বিকি চক্ৰৱৰ্তী বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্য সংগ্ৰহৰ ধৃত তিনিওকে জেৰা অব্যাহত ৰাখিছে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ