শিৱসাগৰ জিলাৰ নামতিত চোৰৰ সন্ত্ৰাস
শিৱসাগৰ জিলাৰ নামতিত চোৰৰ সন্ত্ৰাস।
শিৱসাগৰ জিলাৰ নামতিত চোৰৰ সন্ত্ৰাস


শিৱসাগৰ, ০৬ নৱেম্বৰ (হি.স.): শিৱসাগৰ জিলাৰ নামতিত চোৰৰ সন্ত্ৰাস বিৰাজ কৰিছে। গৃহস্থই কালি নিশা ৰাস উপভোগ কৰিবলৈ যাওঁতেই চোৰে চলালে চাফাই অভিযান । একে নিশাই দুটাকৈ ঘৰত চোৰৰ চাফাই অভিযান চলিল । দুয়োটা ঘৰৰ মূল প্ৰৱেশ দ্বাৰ ভাঙি ঘৰৰ ভিতৰত চোৰে প্ৰৱেশ কৰাৰ লগতে শুৱনি কোঠাত থকা গড্ৰেজৰ লকাৰ ভাঙি সোণৰ আ অলংকাৰৰ লগতে বহু সামগ্ৰী লুটি নিয়ে।

জানিব পৰামতে, নামতি আৰক্ষী থানাৰ অন্তৰ্গত নামতি ৰজাবাৰীৰ কুশল কোঁৱৰ নামৰ অসম আৰক্ষীত কৰ্মৰত ব্যক্তি জনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ ঘৰৰ পাছফালৰ দুৱাৰ ভাঙি গড্ৰেজৰ পৰা দুদাল সোণৰ চেইন, দুযোৰ কাণফুলি, দুটা আঙুঠিৰ লগতে নগদ দহ হাজাৰ টকা চুৰি কৰি লৈ যায়। ইয়াৰ উপৰিও নামতি আৰক্ষী থানাৰ অন্তৰ্গত মিছাজান কোঁৱৰ গাঁৱৰ দেৱজিৎ গগৈ নামৰ লোকজনৰ ঘৰতো একেদিনাই চোৰে চলাই চাফাই অভিযান। দেৱজিৎ গগৈ ঘৰৰ পৰা দুডালকৈ সোণৰ চেইনৰ লগতে দুটাকৈ সোণৰ আঙুঠি চুৰি কৰি লৈ যোৱা বুলি জানিব পৰা গৈছে।

গৃহস্থই নামতিৰ মিছাজানত অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণৰ ৰাসলীলা উপভোগ কৰি থাকোতে ঘৰত কোনো নথকাৰ সুযোগ লৈ দুয়োখন ঘৰতে চোৰে এই চুৰি কাণ্ড সংঘটিত কৰে। উল্লেখ্য যে তিনিদিন পূৰ্বে নামতি আৰক্ষী থানাৰ নিচেই কাষৰ পৰাই একেদিনাই তিনিঘৰ লোকৰ গোহালিৰ পৰা চাৰিটা গৰু চুৰি হৈছিল।নামতি অঞ্চলত সঘনাই হৈ থকা চুৰি কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে লোৱা ভুমিকাত মুঠেই সন্তুষ্ট নহয় নামতি অঞ্চলৰ ৰাইজ । এই চুৰি কাণ্ডই নামতি আৰক্ষীৰ দূৰ্বলতা খিনি উদঙাই দিছে বুলি মন্তব্য কৰে কুশল কোঁৱৰ নামৰ লোকজনৰ পত্নীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande