
শিৱসাগৰ, ০৬ নৱেম্বৰ (হি.স.): শিৱসাগৰ জিলাৰ নাজিৰাত গৰুৰ চোৰৰ তাণ্ডব অব্য়াহত আছে। নিতৌ অঞ্চলটোত সংঘটিত হৈ আহিছে পশুধন চুৰিৰ ঘটনা। ইয়াৰ মাজতে আজি পুৱতি নিশাৰ পৰা নাজিৰাৰ মহকুমাৰ আৰক্ষীয়ে গৰুৰ চোৰক লৈ অভিযান চলায়। এই অভিযানত প্ৰায় ১২ টা মান গৰু আৰু গাড়ী সহ জব্দ কৰে। লগতে ৫ টা গৰু চোৰক আটক কৰা হৈছে ।
ইফালে অভিযানৰ মাজতে আৰক্ষীৰ সন্মুখতে কেইবাটাও গৰু চোৰে পলায়ন কৰে। শিমলুগুৰি আৰক্ষীয়ে আটক কৰিছে গৰু আৰু চোৰ। পিটনিৰ পৰা আটক কৰিছে গৰু চোৰক। লগতে কেইবাখনো বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হৈছে শিমলুগুৰি আৰক্ষীয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে ধৃত চোৰ কেইটাক মাৰাথন জেৰা অব্য়াহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ