অসম-নাগালেণ্ড সীমান্ত লাহৰিজানত সন্দেহযুক্ত হেৰইন সহ আটক সৰবৰাহকাৰী
কাৰ্বি আংলং, ০৬ নৱেম্বৰ (হি.স.)। অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত অব্যাহত আছে নিচাযুক্ত ড্ৰাগছৰ চোৰাং বেহা ৷ বৃহস্পতিবাৰে বিয়লি এক গোপন খবৰৰ ভিত্তিত খটখটি আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত লোকজনৰ নাম জামাল আলি
অসম-নাগালেণ্ড সীমান্ত লাহৰিজানত সন্দেহযুক্ত হেৰইন সহ আটক সৰবৰাহকাৰী


কাৰ্বি আংলং, ০৬ নৱেম্বৰ (হি.স.)। অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত অব্যাহত আছে নিচাযুক্ত ড্ৰাগছৰ চোৰাং বেহা ৷ বৃহস্পতিবাৰে বিয়লি এক গোপন খবৰৰ ভিত্তিত খটখটি আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত লোকজনৰ নাম জামাল আলি (২৬) বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ডিলাই থানাৰ অ’চি সূৰ্য কুমাৰ বৰাৰ নেতৃত্বত আৰু বোকাজানৰ অ’চি নৱ কুমাৰ শইকীয়া, খটখটী থানাৰ এছআই জীৱন শইকীয়া, বিকাশ প্ৰতিম মহন্ত আৰু থানা ষ্টাফৰ সহযোগত চলিছিল অবৈধ ড্ৰাগছ বিৰোধী অভিযান ৷

দুদু কলনিৰ পৰা লাহৰিজান দিশে গৈ থকা জামাল আলি (২৬)ক তালাচী চলাওঁতে অভিযানকাৰী দলটোৱে জামাল আলিৰ কৱলৰ পৰা এটা চাবোনৰ বাকচত লুকুৱাই অনা ১২ গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত আৰক্ষীয়ে জামাল আলিক আটক কৰি অধিক তথ্য আহৰণৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande