
কাটিহাৰ, ০৬ নৱেম্বৰ (হি.স.)। বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়তঅহা ১১ নৱেম্বৰত কাটিহাৰত ভোটগ্ৰহণ কৰা হ'ব। নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে জিলাখনৰ ৰাজনৈতিক উষ্ণতা দ্ৰুতগতিত বৃদ্ধি পাইছে। এনে পৰিপ্ৰেক্ষিতত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কাটিহাৰ জিলাৰ বাৰাৰী বিধান সভা সমষ্টিত এন ডি এৰ প্ৰাৰ্থী বিজয় সিং নিছাদৰ সমৰ্থনত এক বৃহৎ ৰাজহুৱা সভাত ভাষণ দিয়ে। ভাষণত অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধী আৰু তেজস্বী যাদৱক এছ আই আৰ, ৰাম মন্দিৰ, বাংলাদেশীৰ অনুপ্ৰৱেশ, বিহাৰৰ জংঘলৰাজকে ধৰি কেইবাটাও বিষয়ত তীব্ৰ আক্ৰমণ কৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, এইবাৰ বিহাৰত নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগী আৰু নীতিশ কুমাৰৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ডাবল ইঞ্জিন চৰকাৰ গঠন হ'বলৈ গৈ আছে। কেৱল উন্নয়নৰ ঢৌ নহয়, বিহাৰৰ প্ৰতিখন গাঁৱতে মোডী আৰু নীতিশ কুমাৰৰ চুনামীয়ে বিয়পি পৰিছে। মানুহে এতিয়া প্ৰতিশ্ৰুতিৰ ওপৰত নহয়, প্ৰদৰ্শনৰ ওপৰত ভোট দিছে।
তেওঁ কংগ্ৰেছ আৰু মহামৰ্চাৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই কয় যে, ৰাহুল গান্ধী এতিয়া মানসিকভাৱে অস্থিৰ হৈ পৰিছে। নিজৰ দেশৰ সেনাক লৈ প্ৰশ্ন উত্থাপন কৰা কোনোবাই দেশপ্ৰেমৰ কথা কেনেকৈ ক'ব? জনসাধাৰণে এতিয়া এনে লোকক উপযুক্ত উত্তৰ দিয়াৰ মুডত আছে।
মুখ্যমন্ত্রী শৰ্মাই কয় যে এন ডি এ চৰকাৰে বিহাৰৰ বাবে কেন্দ্রীয় চৰকাৰৰ পৰা অভূতপূৰ্ব উন্নয়নমূলক প্রকল্প আগবঢ়াইছে—বিহাৰে গড়কাপ্তানী, শিক্ষা, স্বাস্থ্য, আৰু নিয়োগৰ ক্ষেত্ৰত অবিৰতভাৱে অগ্রগতি লাভ কৰি আছে৷ প্ৰধানমন্ত্ৰী মোডী আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰে যি স্বচ্ছতা আৰু জবাবদিহিতাৰে শাসন কৰিছে, তাৰ তুলনা দেশৰ আন ক'তো নাই।
সভাত ভাষণ দি এন ডি এৰ প্ৰাৰ্থী বিজয় সিং নিশাদে কয় যে বৰাৰীবাসীৰ মৰম আৰু বিশ্বাস তেওঁৰ সৰ্বোচ্চ শক্তি। তেওঁ কয় যে তেওঁৰ অগ্ৰাধিকাৰ হ’ব বাৰাৰীক শিক্ষা, কৃষি, উদ্যোগৰ ক্ষেত্ৰত আগুৱাই নিয়া।
সমাৱেশত থকা ৰাইজৰ উৎসাহ স্পষ্ট হৈ পৰিছিল। জয় মোডী, জয় নীতিশ আৰু উন্নয়ন একমাত্ৰ বিকল্প আদি শ্লোগানেৰে প্ৰতিধ্বনিত হয় ভিৰ। ৰাজহুৱা সভাত কেইবাগৰাকী স্থানীয় বিজেপি, জেডিইউ, আৰু এলজেপি (আৰ) নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।
অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক আহ্বান জনাই কয় যে, ১৪ নৱেম্বৰত ইভিএমৰ প্ৰতিটো বুটামে উন্নয়নৰ দিশ নিৰ্ধাৰণ কৰিব। বিহাৰক পুনৰ সুস্থিৰ, শক্তিশালী আৰু সমৃদ্ধিশালী কৰিবলৈ এনডিএৰ প্ৰাৰ্থীক ভোট দিয়ক।
हिन्दुस्थान समाचार / অৰৱিন্দ