
বেংগালুৰু, ০৬ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ শতবাৰ্ষিকী উপলক্ষে দেশৰ চাৰিখন ডাঙৰ চহৰত অনুষ্ঠিত হৈ থকা সৰসংঘচালক ডা০ মোহন ভাগৱতৰ বক্তৃতাৰ দ্বিতীয়টো বক্তৃতা ৮ আৰু ৯ নৱেম্বৰত বেংগালুৰুৰ বনশংকৰী হোছাকেৰেহল্লীৰ পি ই এছ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ব।
এই তথ্য প্ৰকাশ কৰি আৰ এছ এছৰ আঞ্চলিক প্ৰভাৰী না. থিপ্পাস্বামীয়ে উল্লেখ কৰে যে চলিত বৰ্ষৰ বিজয়দশমী (২ অক্টোবৰ)ত আৰ এছ এছে শতবাৰ্ষিকী সম্পূৰ্ণ কৰি ৰাষ্ট্ৰক সৰ্বাংগীন উন্নীতকৰণৰ লক্ষ্যৰে আগবাঢ়িছে। শতবৰ্ষত সমগ্ৰ দেশতে বিজয়দশমী উদযাপন, যুৱ সন্মিলন, ঘৰে ঘৰে প্ৰচাৰ, হিন্দু সন্মিলন, সামাজিক সম্প্ৰীতি সন্মিলন, বিশিষ্ট নাগৰিক আলোচনা চক্ৰ আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। শতবৰ্ষতো আৰ এছ এছে বিশিষ্ট ব্যক্তি, নীতি নিৰ্ধাৰক, সমাজ কৰ্মীৰ সৈতে আলোচনা অব্যাহত ৰাখিছে। অহা ৮ আৰু ৯ নৱেম্বৰত সৰসংঘচালক ডা° মোহন ভাগৱতে বেংগালুৰুত বিশেষ বক্তৃতা শৃংখলাত সম্বোধন কৰিব।
তেওঁ জনোৱা মতে, আৰ এছ এছৰ শতবাৰ্ষিকীৰ স্মৃতিত দেশৰ চাৰিটা ঠাইত (নতুন দিল্লী, বেংগালুৰু, মুম্বাই, আৰু কলকাতা) আৰ এছ এছৰ ১০০ বছৰীয়া যাত্ৰা: নতুন দিগন্ত শীৰ্ষক সৰসংঘচালক ডা° মোহন ভাগৱতৰ বক্তৃতাৰ শৃংখলাৰ আয়োজন কৰা হৈছে। ২৬, ২৭, আৰু ২৮ আগষ্টত নতুন দিল্লীত প্ৰথম অনুষ্ঠান অনুষ্ঠিত হৈছিল।
এই বক্তৃতা শৃংখলাৰ দ্বিতীয়টো কাৰ্যসূচী অহা ৮ আৰু ৯ নৱেম্বৰত বেংগালুৰুৰ বনশংকৰী হোছাকাৰেহল্লী ৰিং ৰোডত অৱস্থিত পি ই এছ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ব। কেৱল আমন্ত্ৰিত অতিথিসকলেহে অনুষ্ঠানত উপস্থিত থাকিব। মূলতঃ কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, তামিলনাডু, আৰু কেৰালাৰ পৰা প্ৰায় ১২০০ গণ্যমান্য ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে। শিক্ষা, সাহিত্য, সংস্কৃতি, কলা, বিজ্ঞান, প্ৰশাসন, সাংবাদিকতা, ক্ৰীড়া, ব্যৱসায়, সমাজসেৱা, আধ্যাত্মিকতা, ইত্যাদিকে ধৰি প্ৰায় সকলো স্তৰৰ বিশিষ্ট ব্যক্তিক এই কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱা হৈছে।
অহা ৮ নৱেম্বৰৰ সন্ধিয়া ৪:০০ বজাৰ পৰা সন্ধিয়া ৭:৩০ বজালৈ দুটা অধিবেশনত বক্তৃতা প্ৰদান কৰিব সৰসংঘচালক ডা° মোহন ভাগৱতে। ইফালে ৯ নৱেম্বৰৰ পুৱা ১০:৩০ বজাৰ পৰা ১:৩০ বজালৈ দুটা অধিবেশনত দৰ্শকৰ প্ৰশ্নৰ উত্তৰ দিব ডাঃ ভাগৱতে।
हिन्दुस्थान समाचार / অৰৱিন্দ