বাক্সাৰ থানগুৰি-দেৱচাৰাত ৭৭ সংখ্যক ৰাস মহোৎসৱ উদযাপন
আৰম্ভ হ'ল বাক্সাৰ থানগুৰি-দেৱচাৰাত ৰাস মহোৎসৱ, ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ৭৭ সংখ্যক ৰাস মহোৎসৱ।
বাক্সাৰ থানগুৰি-দেৱচাৰাত ৭৭ সংখ্যক ৰাস মহোৎসৱ উদযাপন


বাক্সা, ০৬ নৱেম্বৰ (হি.স.): ৰাজ্যজুৰি এতিয়া চলিছে শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ। শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা হয় ৰাস উৎসৱ। বাক্সা জিলাৰ থানগুৰি-দেৱচাৰাত ৭৭ সংখ্যক ৰাস মহোৎসৱৰ যোৱা কালি বুধবাৰে সন্ধিয়া শুভৰাম্ভ কৰা হয়। ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে এই ৰাস মহোৎসৱ। মূলতঃ আধ্যাত্মিক তত্ত্বসমৃদ্ধ ৰাসলীলা অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয়। শৰতকালৰ জ্যোৎস্না প্লাৱিত ৰাতিত গোপীসকলক প্ৰেমৰসত আপ্লুত কৰি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন উৎফুল্লিত কৰি তুলিছিল সেই প্ৰেমলীলাই ৰাস মহোৎসৱৰ প্ৰতিপাদ্য বিষয়।

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সাৰ দেৱচাৰাটো যোৱা কালিৰে পৰা উদযাপন কৰা হয় ৭৭ সংখ্যক ৰাস মহোৎসৱ। প্ৰথম দিনা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে সন্ধিয়া ৭৭ বৰ্ষ উপলক্ষে ৭৭ গৰাকীয়ে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটিৰো আয়োজন কৰে। নামনি অসমত মূলত মুৰ্ত্তিপ্ৰধান ৰাস মহোৎসৱৰ আয়োজন কৰা হয়। যাৰ বাবে সকলোফালে দেখা গৈছে মৃণ্ময় মূৰ্তি।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande