
নতুন দিল্লী, ০৬ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৮ নৱেম্বৰৰ পুৱা বাৰাণসীৰ পৰা চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰিব ।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি বাৰাণসী-খাজুৰাহো, লক্ষ্ণৌ-চাহাৰানপুৰ, ফিৰোজপুৰ-দিল্লী আৰু এৰ্নাকুলাম-বেংগালুৰু পথত চলিব নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল। এই ৰে’লসমূহৰ প্ৰৱৰ্তনৰ লগে লগে যাত্ৰীসকলে দ্ৰুত, আৰামদায়ক আৰু বিশ্বমানৰ ৰে’ল সেৱাৰ অভিজ্ঞতা লাভ কৰিব। ইয়াৰ উপৰিও ভ্ৰমণৰ সময় হ্ৰাস পোৱাৰ ফলত আঞ্চলিক গতিশীলতা, পৰ্যটন, আৰু বাণিজ্য বৃদ্ধি পাব। বাৰাণসী-খাজুৰাহো বন্দে ভাৰত এক্সপ্ৰেছে বিশেষ ৰে’লৰ তুলনাত প্ৰায় ২ ঘণ্টা ৪০ মিনিট সময় ৰাহি কৰিব আৰু ই বাৰাণসী, প্ৰয়াগৰাজ, চিত্ৰকূট, আৰু খাজুৰাহোৰ দৰে ধৰ্মীয় আৰু সাংস্কৃতিক গন্তব্যস্থানসমূহক সংযোগ কৰিব।
একেদৰে লক্ষ্ণৌ-চাহাৰানপুৰ ৰে’লে প্ৰায় ৭ ঘণ্টা ৪৫ মিনিটত এই যাত্ৰা অতিক্ৰম কৰিব, যাৰ ফলত হৰিদ্বাৰকে ধৰি উত্তৰ প্ৰদেশৰ কেইবাখনো ডাঙৰ চহৰৰ মাজত সংযোগ শক্তিশালী হ’ব।
ফিৰোজপুৰ–দিল্লী বন্দে ভাৰত ৰে’লখনে এই পথৰ আটাইতকৈ দ্ৰুততম ৰে’ল হিচাপে পৰিগণিত হ’ব, মাত্ৰ ৬ ঘণ্টা ৪০ মিনিটত এই যাত্ৰা অতিক্ৰম কৰি ৰাষ্ট্ৰীয় ৰাজধানী থকা পঞ্জাৱৰ ফিৰোজপুৰ, বাথিণ্ডা, আৰু পাটিয়ালাৰ দৰে চহৰলৈ দ্ৰুত সংযোগ প্ৰদান কৰিব।
দক্ষিণ ভাৰতত এৰ্নাকুলাম–বেংগালুৰু বন্দে ভাৰত এক্সপ্ৰেছে ভ্ৰমণৰ সময় দুঘণ্টাৰো অধিক হ্ৰাস কৰিব আৰু আই টি আৰু বাণিজ্যিক কেন্দ্ৰ সংযোগ কৰি কেৰেলা, তামিলনাডু আৰু কৰ্ণাটকৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু পৰ্যটন বৃদ্ধি কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ