
লক্ষিমপুৰ, ০৬ নৱেম্বৰ (হি.স.): ৰাজ্যৰ চৌদিশে ভগৱান শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাই এক উখল মাখল পৰিবেশৰ সৃষ্টি কৰিছে ৷ লক্ষিমপুৰ জিলাৰ বিহপুৰীয়াৰ বিভিন্ন প্ৰান্ততো এই ৰাসলীলা উদ্যাপনৰ ব্যাপক আয়োজন চলিছে ৷ ইয়াৰ সমানুপাতিকভাৱে বিহপুৰীয়াৰ মহাৰাণী বড়ি মহিলা বিকাশ কেন্দ্ৰই আয়োজন কৰিছে ৰাস ৷
জুবিনৰ নামত উচৰ্গা কৰিছে এই ৰাসলীলাৰ সকলো কাৰ্যসূচী ৷ বিহপুৰীয়া কলেজ প্ৰাঙ্গণত ৮ নৱেম্বৰৰ সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব এই ৰাসৰ অনুষ্ঠান ৷ সমিতিৰ সভানেত্ৰী সম্পাদিকাই সকলো ৰাইজৰে একান্ত সহযোগ কামনা কৰিছে ৷
ৰাস মহোৎসৱ হৈছে এটা উদযাপন যাৰ মাধ্যমেৰে শ্ৰীকৃষ্ণৰ জীৱনৰ বিভিন্ন কাহিনী উদযাপন কৰা হয়, বিশেষকৈ তেওঁৰ ৰাসলীলা চিত্ৰিত কৰা হয়। এই উৎসৱটো অসম, বিশেষকৈ মাজুলী, নলবাৰী, হাউলী আৰু পলাশবাৰীৰ দৰে স্থানসমূহত অতি আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়। এই সময়ত, বিভিন্ন সত্ৰসমূহত শ্ৰীকৃষ্ণৰ বন্দনা কৰা হয় আৰু এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ