
নতুন দিল্লী, ০৬ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ নৱেম্বৰত সন্ধিয়া প্ৰায় ৫ বজাত উচ্চতম ন্যায়ালয়ত ‘আইনী সাহায্য ব্যৱস্থা শক্তিশালী কৰা’ বিষয়ক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণে প্ৰস্তুত কৰা ‘সম্প্ৰদায় মধ্যস্থতা প্ৰশিক্ষণ মডিউল’ও উন্মোচন কৰিব আৰু সভাত ভাষণ দিব।
প্ৰধানমন্ত্ৰী কাৰ্যালয় (পিএমঅ’)ৰ তথ্য অনুসৰি নালছাৰ তত্বাৱধানত এই দুদিনীয়া সন্মিলন আয়োজন কৰা হৈছে। আইনী সেৱাৰ আন্তঃগাঁথনিৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হ’ব, য’ত আইনী সাহায্য প্ৰতিৰক্ষা অধিবক্তা ব্যৱস্থা, পেনেল উকীল, পেৰালিগেল স্বেচ্ছাসেৱক, স্থায়ী লোক আদালাট, আৰু আইনী সেৱা প্ৰতিষ্ঠানৰ বিত্তীয় ব্যৱস্থাপনা আদি অন্তৰ্ভুক্ত কৰা হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ