
গুৱাহাটী, ০৬ নৱেম্বৰ(হি.স.)। বহু প্ৰত্যাশিত গুৱাহাটী–উত্তৰ গুৱাহাটী দলংখন ২০২৬ চনৰ জানুৱাৰী মাহত জনসাধাৰণৰ বাবে মুকলি কৰা হ’ব, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উক্ত প্ৰকল্পটো উদ্বোধন কৰিব বুলি সন্মত হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে এই বিষয়ে সংবাদ মাধ্যমক অবগত কৰে।
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰাৰ অন্তত সাংবাদিকৰ সৈতে অনুষ্ঠিত হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণৰ সবিশেষ উল্লেথ কৰে। তেওঁ কয় যে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী মোডী প্ৰথমে আহি গুৱাহাটীৰ বৰঝাৰ স্থিত নতুন বিমানবন্দৰৰ টাৰ্মিনেল উদ্বোধন কৰাৰ লগতে নামৰূপ সাৰ উদ্যোগৰ আধাৰশিলা স্থাপন কৰিব।
ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী গৰাকীয়ে অহা বছৰৰ জানুৱাৰী মাহত পুনৰ উভতি আহি গুৱাহাটী–উত্তৰ গুৱাহাটী দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে গুৱাহাটীৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (আই আই এম)ত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
অৱশ্যে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ আৰু দলং উদ্বোধনৰ সঠিক তাৰিখ বৰ্তমানো ঘোষণা কৰা হোৱা নাই।
মুখ্যমন্ত্ৰীয়ে লগতে প্ৰকাশ কৰে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডিচেম্বৰৰ অন্তিম ভাগত অথবা জানুৱাৰী মাহত অসম ভ্ৰমণ কৰাৰ কথা আছে, উক্ত সময়চোৱাত তেওঁ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ, বটদ্ৰৱা প্ৰকল্প, আৰু বুথ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
ইয়াৰ পূৰ্বে ৮ নৱেম্বৰত অসমত উপস্থিত হ’ব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ।“প্ৰথমে জাগীৰোড স্থিত ছেমী কনডাক্টৰ ইউনিট পৰিদৰ্শন কৰি প্ৰায় ৩০০ যুৱ উদ্যোগীৰ সৈতে মত বিনিময় কৰিব। পিছত গুৱাহাটীৰ নদী টাৰ্মিনেলৰ মুখ্যদ্বাৰ আৰু উজান বজাৰ স্থিত ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰন্ট উদ্বোধন কৰিব,” মুখ্যমন্ত্ৰীয়ে কয়।
তেওঁ আৰু কয় যে, ৮ নৱেম্বৰত শ্বহীদ কনকলটা বিশ্ববিদ্যালয়ৰ আধাৰশিলা আৰু ভূমি পূজন অনুষ্ঠান অনুষ্ঠিত হ’ব, কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে অনুষ্ঠানটোত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব। ৰাজ্য চৰকাৰৰ অনুমোদিত ৫০০ কোটি টকাৰ বাজেটেৰে গহপুৰৰ ৭৭১ বিঘা মাটিত নিৰ্মাণ হ’ব প্ৰস্তাৱিত বিশ্ববিদ্যালয় খন। মুখ্যমন্ত্রীয়ে লগতে উল্লেখ কৰে যে প্রকল্পটোৰ নিবিদা প্রক্রিয়া ইতিমধ্যে সম্পূর্ণ হৈছে, যাৰ ফলত শীঘ্রে নির্মাণ আৰম্ভ হোৱাৰ পথ প্রশস্ত হৈছে৷
আনহাতে ৯ নৱেম্বৰত ৰাজনাথ সিঙে গুৱাহাটী ভ্ৰমণ কৰি মহানগৰৰ লাচিত ঘাটত অনুষ্ঠিত হব লগা এয়াৰ শ্ব’ত অংশগ্ৰহণ কৰিব, য’ত অসমত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হ’ব ৰাফেল আৰু সুখয় যুদ্ধ বিমানকে ধৰি অন্যান্য উন্নত বিমান।
বিহাৰত নিজৰ ব্যস্ত কাৰ্য্যসূচীৰ বিষয়েও মুখ্যমন্ত্রী গৰাকীয়ে কয় যে, ‘বিহাৰত তিনিদিনত ১২খন বৈঠকৰ কথা আছিল যদিও কেন্দ্রীয় মন্ত্রী সকলৰ আগন্তুক ভ্রমণৰ বাবে মাত্ৰ ৯খন বৈঠকত উপস্থিত থাকিব পাৰিলোঁ৷ আজি পুনৰ বিহাৰলৈ যাম আৰু বাকী থকা কার্যসূচীসমূহ সম্পূর্ণ কৰিম ৷”
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ