
শিৱসাগৰ, ০৬ নৱেম্বৰ (হি.স.)। নাজিৰা বাসীৰবাবে এটা ভাল খবৰ। অসমীয়াৰ হিয়াৰ আমঠু, হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক সন্মান জনাই পুনৰ দৰ্শকৰ সুবিধাৰ্থে মুকলি হ'ব নাজিৰাৰ ৫৬বছৰ গৰকা শিমলুগুৰি জেউতি চিনেমা গৃহ। শুভাকাংক্ষী তথা ৰাইজৰ প্ৰৱল দাবীৰ প্ৰতি সন্মান জনাই শিমলুগুৰিৰ জেউতি চিনেমা হ’ল কৰ্তৃপক্ষৰ দুই ভাতৃয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে প্ৰদৰ্শন কৰিবলৈ যো-জা কৰিছে।
কেইটামান দিনৰ পিছতে ৰাইজে জুবিন গাৰ্গৰ শেষৰখন বোল ছবি চাব পৰাকৈ বহুদিন বন্ধ হৈ থকা চিনেমা হলটি দৰ্শনৰ উপযোগী কৰি তুলিবলৈ জোৰদাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । অসমীয়া বোল ছবি লোকচান আৰু কৰোণা মহামাৰীৰ লকডাউনৰ বাবে দীৰ্ঘ দিন ধৰি বন্ধ হৈ থকা জেউতি চিনেমা হলটি ১৯৬৯ চনত স্থাপন হৈছিল ৷ ১৯৬৯ চনত “মণিৰাম দেৱান”শীৰ্ষক প্ৰথম বোলছবি প্ৰদৰ্শন হৈছিল শিমলুগুৰিৰ জেউতি চিনেমা হলত ৷
শীঘ্ৰে ৰাইজে ৰৈ ৰৈ বিনালে ছবি উপভোগ কৰিব পাৰিব শিমলুগুৰি জেউতি ছবি গৃহত ৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা